২০ লক্ষ্য টকাৰে কালী মন্দিৰ নিৰ্মাণ কৰিলে দীপজ্যোতি মহন্ত, মিলি মহন্তই-৩ নং আমতলাত প্ৰাপ্তিৰ আনন্দত আত্মহাৰা গাঁওবাসী

0 315

কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ ৩ নং আমতলা গাঁৱত আৱতৰীয়া বিহু। অকল এয়া নহয় গীত, নৃত্য, ঢুলীয়া, কালীয়া, বেণ্ড পাৰ্টী, চৌতালী নাম, ৰাইজ, আয়তীৰে আদৰিলে গুৱাহাটীস্থিত ডি, জে এগ্ৰো ইণ্ডাষ্ট্ৰিয়েল প্ৰজেক্ট প্ৰাঃ লিমিটেডৰ সঞ্চালক দীপজ্যোতি মহন্ত আৰু সঞ্চালিকা মিলি মহন্তক। উল্লেখ্য যে, কুকুৰমাৰা ৩ নং আমতলা গাঁৱৰ শ্ৰী শ্ৰী মা কালী মন্দিৰটো গাঁও বাসী ৰাইজৰ আপ্ৰাণ চেষ্টাত কালী মন্দিৰৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল। কিন্তু দীৰ্ঘ দিন ধৰি মন্দিৰটো অৰ্ধনিৰ্মিত হৈ আছিল। তেনে সময়তে ডি, জে এগ্ৰো ইণ্ডাষ্ট্ৰিয়েল প্ৰজেক্ট প্ৰাঃ লিমিটেডৰ সঞ্চালক দীপজ্যোতি মহন্তই দুমাহ পুৰ্বেই গাওঁ খনত এক ৰাজহুৱা সভাত উপস্থিত হৈ অৰ্ধনিৰ্মিত হৈ থকা কালী মন্দিৰটো সম্পূৰ্ণকৈ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। যুদ্ধসদৃশ গতিৰে নিৰ্মাণৰ কাম আৰম্ভ মাত্ৰ ১ মাহ ২৮ দিনৰ ভিতৰতে প্ৰায় ২০ লক্ষ্য টকা ব্যয় কৰি সম্পূৰ্ণ কৰে। বিগত বছৰৰ দৰে এই বেলিও ৩ নং আমত’লা গাঁৱৰ ৰাইজ গয়ৰহৰ কালী পূজাৰ দিনাই মন্দিৰটো আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে দীপজ্যোতি মহন্ত আৰু মিলি মহন্তই। ইয়াৰ পিছতেই ডঃ ভূপেন হাজৰিকা মঞ্চত ৰাজহুৱা ভাৱে সম্বৰ্ধনা জনোৱা হয়। ভগৱান দাস আৰু দিলীপ কুমাৰ দাসে আত ধৰা অনুষ্ঠানটিত দীপজ্যোতি মহন্ত আৰু মিলি মহন্তক গামোচা, শৰাই, ফুলাম জাপি, এড়ি চাদৰ, মমেন্ট, মান পত্ৰ, জনজাতীয় বস্ৰ পাজাৰ প্ৰদান কৰা হয়। ইফালে দীপজ্যোতি মহন্তই ভাষন প্ৰসংগত কয় যে দেৱী কালী মাৰ আশীৰ্বাদ থকাৰ বাবেই কালী মন্দিৰটোৰ এই কাৰ্য সম্ভৱ বুলি কয়। অনাগত সময়ত উন্নয়ন মুলক কামত ডি, জে এগ্ৰো ইণ্ডাষ্ট্ৰিয়েল প্ৰজেক্ট প্ৰাঃ লিমিটেডৰ সঞ্চালক দীপজ্যোতি মহন্তই সদায় সহযোগ কৰাৰো আস্বাস প্ৰদান কৰে। উল্লেখ্য যে পুৰ্বেই অৰ্ধ নিৰ্মিত হৈ থকা কালী মন্দিৰটো সম্প্ৰতি আটকধুনীয়াকৈ নিৰ্মাণ কৰা ডি, জে এগ্ৰো ইণ্ডাষ্ট্ৰিয়েল প্ৰজেক্ট প্ৰাঃ লিমিটেডৰ সঞ্চালক দীপজ্যোতি মহন্ত আৰু সঞ্চালিকা মিলি মহন্তৰ এনে পদক্ষেপৰ শলাগ লয় অঞ্চলবাসী ৰাইজে। উক্ত অনুষ্ঠানত ধ্ৰুৱ দত্ত, সন্দিপ অধিকাৰী, প্ৰীয়ম অধিকাৰী, দীপক বৰুৱা , ৰিচা অধিকাৰী, আজগৰ হুছেইন, গাওঁবুঢ়া নীলকণ্ঠ দাস আৰু গাওঁ উন্নয়ন সমিতিৰ সভাপতি ধ্ৰুৱ নাৰায়ণ দাসক সম্বৰ্ধনা জনোৱা হয়।

Leave A Reply

Your email address will not be published.