ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অসম ক্ষেত্ৰৰ এখন বৈঠক কাইলৈ অৰ্থাৎ ২০ আৰু ২১ জুলাইত দুদিনীয়াকৈ গুৱাহাটী মালিগাঁওস্থিত সেৱাভাৰতী জনজাতি ছাত্রাবাস , আদিংগিৰীত অনুষ্ঠিত হ`ব । এই বৈঠকত ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ পৰম পূজনীয় মাননীয় সৰসংঘচালক ডাঃমােহনৰাৱ ভাগৱতয়ে অংশগ্ৰহন কৰিব বুলি ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰান্ত প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিছে। এই উদ্দেশ্য মোহন ভাগৱতয়ে ২০ জুলাইত দিনৰ ভাগত গুৱাহাটীত উপস্থিত হ`ব। উক্ত বৈঠকত অখিল ভাৰতীয় ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কেবাগৰাকী অখিল ভাৰতীয় অধিকাৰীৰ লগতে অসম ক্ষেত্ৰৰ কাৰ্যকাৰিনীৰ সতে মাননীয় সৰসংঘচালকৰ বৈঠক অনুষ্ঠিত হ`ব। আনহাতে, বৈঠকত অসম ক্ষেত্ৰৰ বিবিধ সংগঠনৰ ক্ষেত্ৰ সংগঠন মন্ত্রীৰ উপৰি উত্তৰ অসম প্ৰান্ত, দক্ষিণ অসম প্ৰান্ত, অৰুণাচল প্ৰান্ত, মনিপুৰ প্ৰান্ত আৰু ত্ৰিপুৰা প্ৰান্তৰ প্ৰান্ত প্ৰচাৰক, প্ৰান্ত কাৰ্যবাহৰ লগতে সহ কাৰ্যবাহেৰ উপস্থিতিত এখন বৈঠকত অংশ ল`ব। এই বৈঠকত চৰকাৰী কভিড প্ৰট’কল নিয়ম অনুসৰি সকলােধৰণৰ ব্যৱস্থা কৰা হৈছে । আনহাতে, ২১ জুলাইৰ পুৱা ১১ বজাত শ্ৰীমন্ত শংকৰদেৱ আন্তৰাষ্ট্ৰীয় কলাক্ষেত্ৰত মাননীয় সৰসংঘচালক মোহন ভাগবতজীয়ে এখন গ্ৰন্থ উন্মোচনী সভাত অংশগ্রহণ কৰিব। দুদিনীয়া ভ্ৰমণ সামৰি সৰসংঘচালকৰ ডা: মোহন ভাগবতজীয়ে অসমৰ পৰা পোনে পোনে চেন্নাইলৈ যাব।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন