অসম চৰকাৰৰ নতুন ক’ভিড নিৰ্দেশনা জাৰি

0 251

ৰাজ্যৰ অপৰিবৰ্তিত ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে আজি নতুন নিৰ্দেশনা জাৰি কৰিছে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এই নতুন নিৰ্দেশনা সম্পৰ্কে অৱগত কৰে।৫ খন জিলাত বাহাল থাকিব ‘টোটেল ক’নটেইনমেণ্ট’ ব্যৱস্থাৰ অধীনত সম্পূৰ্ণ সান্ধ্য আইন: গোলাঘাট, লখিমপুৰ, যোৰহাট, শোণিতপুৰ, বিশ্বনাথ । পৰৱৰ্তী এসপ্তাহলৈ এইকেইখন জিলাত পূৰ্ণ সান্ধ্য আইন প্ৰযোজ্য হ’ব। অৱশ্যে গেলামালৰ দোকানৰ লগতে ইয়াৰে সংলগ্ন শাক-পাচলি আৰু ফলমূলৰ বিপণী বিয়লি ৫ বজালৈকে খোলা থাকিব। কাৰ্যালয়, আন সামগ্ৰীৰ দোকান আৰু যাতায়াত ব্যৱস্থাত সম্পূৰ্ণ নিষেধাজ্ঞা প্ৰযোজ্য হ’ব।
২ খন জিলাত মৰিগাঁও আৰু গোৱালপাৰা দুপৰীয়া ১ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈ সান্ধ্য আইন। এই দুখন জিলাত দুপৰীয়া ১২ বজালৈকে সকলো কাৰ্যালয় আৰু দোকান, অন্তঃ জিলা পৰিবহন তথা যাতায়াত ব্যৱস্থা মুকলি থাকিব। দুপৰীয়া ১ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈ প্ৰযোজ্য হ’ব সান্ধ্য আইন। কাৰ্যালয়, দোকান আৰু অন্যঃ জিলা যাতায়াত ব্যৱস্থা ১২ বজালৈকে খোলা থাকিব। অৱশ্যে গেলামালৰ দোকানৰ লগতে ইয়াৰে সংলগ্ন শাক-পাচলি আৰু ফলমূলৰ বিপণী বিয়লি ৫ বজালৈকে খোলা থাকিব।
২৮ খন জিলাত বিয়লি ৫ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈ সান্ধ্য আইন । কামৰূপ (মহানগৰ), শিৱসাগৰ, ডিব্ৰুগড়, কোকৰাঝাৰ, বৰপেটা, নলবাৰী, বাগচা, বজালী, কৰিমগঞ্জ, কামৰূপ, দৰং, নগাঁও, হোজাই, তিনিচুকীয়া, ধেমাজি, কাচাৰ, কাৰ্বি আংলং, ধুবুৰী, দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, চৰাইদেউ আৰু হাইলাকাণ্ডি। এই কেইখন জিলাত বিয়লি ৪ বজালৈকে খোলা থাকিব সকলো কাৰ্যালয়, দোকান, অন্তঃ জিলা পৰিবহন তথা যাতায়াত ব্যৱস্থা।পূৰ্বৰ দৰেই ৰাজ্যত আন্তঃজিলা যাতায়াত সম্পূৰ্ণ বন্ধ থাকিব।সম্পূৰ্ণ সান্ধ্য আইন ব্যৱস্থাৰ অধীনৰ জিলাসমূহত বিয়লি ৫.০০ বজালৈকে গেলামালৰ দোকান, শাক-পাচলিৰ দোকান আৰু ফলমূলৰ দোকান খোলা থাকিব।
আগন্তুক ঈদ-উজ-জোহা উদযাপনৰ সময়ছোৱাত সামাজিক দূৰত্ব বজাই ৰখাৰ স্বাৰ্থত মছজিদত ঈমামৰ বাহিৰে কেৱল চাৰিজন ব্যক্তিক নামাজ পঢ়াৰ অনুমতি দিয়াৰ লগতে অন্যান্য সকলোৱে নিজ নিজ ঘৰতে ঈদৰ নামাজ পঢ়ি হেঁপাহৰ পবিত্ৰ উৎসৱটি পালন কৰিব।ৰাজ্যত মদ বিৰোধী অভিযান জোৰদাৰ গতিত অব্যাহত থাকিব। জিলা প্ৰশাসনসমূহলৈ কঠোৰ নিৰ্দেশনা।ডিব্ৰুগড়, শিৱসাগৰ আৰু নগাঁও জিলাৰ পৰিস্থিতিৰ ওপৰত চোকা নজৰ থাকিব।বিয়া-বাৰু, মৃতকৰ সৎকাৰ, শ্ৰাদ্ধ আদিত ১০ জনতকৈ অধিক লোক যাতে সমবেত নহয়, সেয়া কঠোৰ ভাৱে বলৱৎ কৰিবলৈ উপায়ুক্তসকলক চৰকাৰৰ নিৰ্দেশনা।

Leave A Reply

Your email address will not be published.