প্ৰকৃতিৰ চিৰাচৰিত নিয়মৰে শাওনৰ মাহ আৰম্ভ হোৱাৰ পিছত ৰাজ্যৰ খেতিপথাৰত বছৰটোৰ বাবে লখিমীক নিজ ঘৰলৈ যাতে নিব পাৰে সেই লক্ষ্যৰে কৃষক , ৰোৱনী সকল কৃষি কৰ্মত নামি পৰিছে। অৱশ্যে ৰাজ্যৰ বহু অঞ্চল এতিয়াও পানীৰ অভাৱৰ বাবে কৃষকসকল পথাৰত কৃষি কাৰ্য কৰাৰ বাবে সাজু হ’ব পৰা নাই। ইফালে খৰাং আৰু বানৰ পৰা তুলনামূলকভাৱে মুক্ত অঞ্চল সমূহত শাওনৰ মাহ পৰাৰ লগে লগে কৃষকসকল শালিধানৰ খেতি কৰাৰ বাবে সাজু হোৱা পৰিলক্ষিত হৈছে। ৰাজ্যৰ আন প্ৰান্তৰ লগতে পশ্চিম গুৱাহাটীৰ শালি ধানৰ খেতিৰ বাবে বিগত বৃহত্তৰ ৰাণী অঞ্চলত শাওনৰ প্ৰথম দিনটোৰ পৰাই কৃষক সকল হালৰ গৰু, পাৱাৰ টিলাৰ, টেক্টৰ লৈ নামি পৰা পৰিলক্ষিত হৈছে। নয়নাভিৰাম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ ৰাণীকে ধৰি পশ্চিম গুৱাহাটীৰ খেতিপথাৰ সমূহ ৰোৱনী-দাৱনীৰে ভৰি পৰা পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত পশ্চিম গুৱাহাটীৰ কৃষি কৰ্মৰ লগত জড়িত উদ্যমী ব্যক্তি দেউচোতালৰ বলেশ্বৰ ৰংপি , ৰোৱনী হিচাপে অভিজ্ঞ মহিলা তথা আজাৰা গাঁও পঞ্চয়াতৰ সভানেত্ৰী কবিতা বড়ো ৰংপিকে ধৰি কৃষি কৰ্মত ব্যস্ত একাংশ কৃষকে জানিবলৈ দিয়া মতে পূৰ্বৰ গৰুৰ সলনি বেছিভাগতে পাৱাৰ টিলাৰ , ট্ৰেক্টৰকে ধৰি কৃষি ক্ষেত্ৰত যান্ত্ৰিক পদ্ধতিৰ বহুল ব্যৱহাৰৰ বাবে উঠি অহা নতুন প্ৰজন্মৰ বহু শিক্ষিত যুৱক কৃষি খণ্ডত নামি পৰিছে । যিটো অতি শুভ লক্ষণ । সমান্তৰালভাৱে শাওন মাহৰ ভিতৰত শালিধানৰ খেতিৰ কামখিনি বা কঠীয়া তথা ভুই ৰুৱ পাৰিলেহে আঘোণ মাহত পথাৰৰ পৰা লখিমীক ঘৰলৈ নিব পাৰিব। আনহাতে পহিলা শাওন মাহৰ পহিলা দিনটো অৰ্থাৎ ১৮ জুলাইত ৰাণীৰ কাষৰীয়া আন্ধেৰীজুলিৰ খেতি পথাৰত বলেশ্বৰ ৰংপীৰ উদ্যোগত ক’ভিড বিধি মানি ভূঁই ৰোৱা উৎসৱ পালন কৰা হয় । এগছি ভূঁই ৰুই ২০ জনী ৰোৱনীৰ সৈতে পথাৰত ভূঁই ৰোৱা উৎসৱৰ শুভাৰম্ভ কৰে আজাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী কবিতা বড়ো ৰংপীয়ে । তেনেদৰে ভূঁই ৰোৱাৰ পূৰ্বে পথাৰত পাৱাৰ টিলাৰ চলাই সকলোকে আপ্লুত কৰে প্ৰাক্তন কৃষক নেতা বলেশ্বৰ ৰংপীয়ে । এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত আন্ধেৰীজুলি অঞ্চলৰ আদৰ্শ কৃষক আৰু বিশিষ্ট সমাজকর্মী জগত বড়ো , গড়চুকৰ মিলনজ্যোতি সংঘৰ সম্পাদক দীপক ৰাজবংশী , খানামুখ মিলন সংঘৰ উপ সভাপতি দিলীপ কলিতা ( চক্ৰ ) দেউচতালৰ নৱজ্যোতি সংঘৰ কাৰ্যকৰী সদস্য সুনীল থাপ্পা , খানামুখৰ সমাজকর্মীদ্বয় হৰেন কলিতা আৰু বিপুল কলিতা , পশ্চিম গুৱাহাটী আৰু দক্ষিণ কামৰূপৰ কেবাজনো সাংবাদিক উপস্থিত থাকে । অনুষ্ঠানৰ অন্তত পৰম্পৰাগত খাদ্য সম্ভাৰৰে এক প্ৰীতি ভোজনৰো আয়োজন কৰা হয় ।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী