ভাষা সাহিত্য আৰু লোক সংস্কৃতিৰ উৰ্বৰ কৰ্ষণস্থলী ঢকুৱাখনাৰ সাহিত্যনুৰাগী নাগৰিক সমাজৰ উদ্যোগত বিগত বৰ্ষ বোৰৰ দৰে চলিত বৰ্ষৰ ২১ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব ঢকুৱাখনা গ্ৰন্থমেলা-২০২২ ।বুধবাৰৰ পৰা ২৬ ডিচেম্বৰলৈ ঢকুৱাখনা ৰাজহুৱা খেল পথাৰ প্ৰাংগণত অনুষ্ঠিত হ’ব লগা এই চতুৰ্থ বাৰ্ষিক ঢকুৱাখনা গ্ৰন্থমেলাৰ সফল সমাপ্তিৰ বাবে প্ৰায় ৫ লাখ টকাৰ বাজেট গ্ৰহণ কৰি মুঠ ৮ খন উপ সমিতিৰ নিৰন্তৰ প্ৰচেষ্টাৰ অন্তত গ্ৰন্থমেলাখন সফলতাৰে অনুষ্ঠিত কৰাৰ প্ৰস্তুতি সম্পন্ন হৈ উঠিছে।গ্ৰন্থ মেলা সমিতিৰ সম্পাদক ভদ্ৰ গগৈয়ে জনোৱা মতে বুধবাৰে পুৱা পতাকা উত্তোলনেৰে ৬ দিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ’ব। ইয়াৰ পাছতে গ্ৰন্থ মেলাৰ দ্বাৰ উন্মোচন কৰিব বিধায়ক নৱ দলেয়ে। দুপৰীয়া শিক্ষাৰ্থী সকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা আৰু বিয়লি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। দ্বিতীয় দিনা ঢকুৱাখনা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° পংকজ বৰাৰ সঞ্চালনাত অনুষ্ঠিত হ’ব কবিতা আবৃত্তি প্ৰতিযোগিতা। ইয়াৰ পাছতে স্থানীয় লেখক লেখিকাৰ অন্তৰংগ আলাপ আৰু বিয়লি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।২৩ ডিচেম্বৰৰ তৃতীয় দিনাৰ লগতে অন্যান্য দিনটো ঠাইতে লিখা ৰচনা,পোষ্ট কাৰ্ডত চিঠি লিখা প্ৰতিযোগিতাৰ লগতে গ্ৰন্থমেলাৰ স্মৃতি গ্ৰন্থ উন্মোচন, হোমেন বৰগোহাঞি সাহিত্যত ঢকুৱাখনাৰ প্ৰতিফলন শীৰ্ষক মনোজ্ঞ আলোচনা চক্ৰ আদি অনুষ্ঠিত হ’ব। অহা ২৬ ডিচেম্বৰত সামৰণি পৰিব লগীয়া এই গ্ৰন্থ মেলাৰ মুকলি সভাত বিশিষ্ট তাই গৱেষক ড° পুষ্পধৰ গগৈ , শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুকে ধৰি বহু কেই গৰাকী বিশিষ্ট নাগৰিকে অংশগ্ৰহণ কৰিব বুলি আয়োজক সমিতিৰ সম্পাদক ভদ্ৰ গগৈয়ে জানিবলৈ দি ইতিমধ্যে ৰাজ্যখনৰ বহু কেইটা আগশাৰীৰ গ্ৰন্থ প্ৰকাশক গোষ্ঠী উপস্থিত হোৱা বুলি জনায়। সম্পাদক গগৈয়ে কেওটা দিনৰ সমূহ কাৰ্যসূচীত শিক্ষাব্ৰতী আৰু গ্ৰন্থনুৰাগী ৰাইজৰ উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।
Trending
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন