ভাষা সাহিত্য আৰু লোক সংস্কৃতিৰ উৰ্বৰ কৰ্ষণস্থলী ঢকুৱাখনাৰ সাহিত্যনুৰাগী নাগৰিক সমাজৰ উদ্যোগত বিগত বৰ্ষ বোৰৰ দৰে চলিত বৰ্ষৰ ২১ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব ঢকুৱাখনা গ্ৰন্থমেলা-২০২২ ।বুধবাৰৰ পৰা ২৬ ডিচেম্বৰলৈ ঢকুৱাখনা ৰাজহুৱা খেল পথাৰ প্ৰাংগণত অনুষ্ঠিত হ’ব লগা এই চতুৰ্থ বাৰ্ষিক ঢকুৱাখনা গ্ৰন্থমেলাৰ সফল সমাপ্তিৰ বাবে প্ৰায় ৫ লাখ টকাৰ বাজেট গ্ৰহণ কৰি মুঠ ৮ খন উপ সমিতিৰ নিৰন্তৰ প্ৰচেষ্টাৰ অন্তত গ্ৰন্থমেলাখন সফলতাৰে অনুষ্ঠিত কৰাৰ প্ৰস্তুতি সম্পন্ন হৈ উঠিছে।গ্ৰন্থ মেলা সমিতিৰ সম্পাদক ভদ্ৰ গগৈয়ে জনোৱা মতে বুধবাৰে পুৱা পতাকা উত্তোলনেৰে ৬ দিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ’ব। ইয়াৰ পাছতে গ্ৰন্থ মেলাৰ দ্বাৰ উন্মোচন কৰিব বিধায়ক নৱ দলেয়ে। দুপৰীয়া শিক্ষাৰ্থী সকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা আৰু বিয়লি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। দ্বিতীয় দিনা ঢকুৱাখনা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° পংকজ বৰাৰ সঞ্চালনাত অনুষ্ঠিত হ’ব কবিতা আবৃত্তি প্ৰতিযোগিতা। ইয়াৰ পাছতে স্থানীয় লেখক লেখিকাৰ অন্তৰংগ আলাপ আৰু বিয়লি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।২৩ ডিচেম্বৰৰ তৃতীয় দিনাৰ লগতে অন্যান্য দিনটো ঠাইতে লিখা ৰচনা,পোষ্ট কাৰ্ডত চিঠি লিখা প্ৰতিযোগিতাৰ লগতে গ্ৰন্থমেলাৰ স্মৃতি গ্ৰন্থ উন্মোচন, হোমেন বৰগোহাঞি সাহিত্যত ঢকুৱাখনাৰ প্ৰতিফলন শীৰ্ষক মনোজ্ঞ আলোচনা চক্ৰ আদি অনুষ্ঠিত হ’ব। অহা ২৬ ডিচেম্বৰত সামৰণি পৰিব লগীয়া এই গ্ৰন্থ মেলাৰ মুকলি সভাত বিশিষ্ট তাই গৱেষক ড° পুষ্পধৰ গগৈ , শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুকে ধৰি বহু কেই গৰাকী বিশিষ্ট নাগৰিকে অংশগ্ৰহণ কৰিব বুলি আয়োজক সমিতিৰ সম্পাদক ভদ্ৰ গগৈয়ে জানিবলৈ দি ইতিমধ্যে ৰাজ্যখনৰ বহু কেইটা আগশাৰীৰ গ্ৰন্থ প্ৰকাশক গোষ্ঠী উপস্থিত হোৱা বুলি জনায়। সম্পাদক গগৈয়ে কেওটা দিনৰ সমূহ কাৰ্যসূচীত শিক্ষাব্ৰতী আৰু গ্ৰন্থনুৰাগী ৰাইজৰ উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।
Trending
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী