২৩ হাজাৰ গাঁৱলৈ চিকিৎসকৰ দল ৰাওনা হ’ব

0 323

ক’ৰণা ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা দিনে দিনে বৃদ্ধি হোৱাৰ সময়তে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰুত্ব পূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।ক’ৰণা ৰোগৰ পৰীক্ষণৰ বাবে গাঁৱে গাঁৱে স্ক্ৰীনিং হ’ব।আৰু ২৩ হাজাৰ ৰাজহ গাঁৱলৈ লক্ষণভিত্তিক পৰীক্ষণৰ অৰ্থে চিকিৎসক দল প্ৰেৰণ কৰা হ’ব।
 
 
 
 
এই সম্পৰ্কত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে কয় যে সতীৰ্থ মন্ত্ৰী পিযুষ হাজৰিকাৰ উপস্থিতিত জিলা উপাযুক্ত,চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষৰ সৈতে ভি ডি অ’ কনফাৰেঞ্চিং ব্যৱস্থা যোগে বাৰ্তালাপ কৰিলো।সেই অনুসৰি ২৩হাজাৰ খন ৰাজহ গাৱলৈ ক’ৰণা ভাইৰাছৰ পৰীক্ষণৰ অৰ্থে চিকিৎসক দল প্ৰেৰণৰ সম্পৰ্কত আলোচনা হয়।

Leave A Reply

Your email address will not be published.