ইণ্ডিয়ান এচ’ছিয়েছন অব্ কনজাৰভেটিভ ডেন্টিষ্ট্ৰী এণ্ড এন্ডদন্টিক্চে অহা ২৭ আৰু ২৮ ফেব্ৰুৱাৰীত গুৱাহাটীৰ নিউ বিমানকোঠ পথত অৱস্থিত হোটেল কিৰণশ্ৰী গ্ৰেণ্ডত দুদিনীয়া কাৰ্যসূচীৰে সন্থাৰ বাৰ্ষিক সভা তথা অধিবেশনখন অনুষ্ঠিত কৰিবলৈ আয়োজন কৰিছে৷অধিবেশনৰ আয়োজক কমিটিৰ অধ্যক্ষ ডাঃ এ চি ভূঞা আৰু সম্পাদক ডাঃ ৰুবী কটকীয়ে জানিবলৈ দিয়া মতে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকে বক্তা হিচাপে এই অধিবেশনত অংশ গ্ৰহণ কৰিব৷তাৰ ভিতৰত জাৰ্মানীৰ ডা°ডেনিচ কহলাৰ ,নিউয়ৰ্কৰ ডা° মহুৱা বোস পিল্লাই, ডেনমাৰ্কৰ ডা° লাৰ্চ ব্ৰঞ্জডেল,জামাইকাৰ ডা° শশী নালাপতি আৰু ইউ.এ ইৰ ডা° এচ ভেংকটেশ বাবুয়ে “অনলাইন বক্তা “হিচাপে আৰু দেশৰ আগশাৰীৰ বিষয় চিকিৎসক ডা° প্ৰদীপ কুমাৰ,ডা° আৰ এচ মোহন কুমাৰ,ডা° মিথুনজিত কৃষ্ণণ,ডা° মুকুট শীল,ডা° শিশিৰ সিং,ডা° এন ভেলমুৰগন,ডা° মিথ্ৰা হেগড়ে ,ডা° আদিত্য মিত্ৰ,ডা° লৰা মিশ্ৰ আৰু চিকয় ৱাঙে “অফলাইন বক্তা “হিচাপে এই অনুষ্ঠানত উপস্থিত থাকিব বুলি চাইণ্টিফিক কমিটিৰ অধ্যক্ষদ্বয় ডা° চন্দনা কলিতা আৰু ডা° লীমা দাসে জানিবলৈ দিছে৷অনুষ্ঠানৰ কোষাধ্যক্ষ ডা° ললিত চন্দ্ৰ বৰুৱাই জনোৱা মতে অধিৱেশনৰ লগত সংগতি ৰাখি বাণিজ্য মেলা আৰু সাংস্কৃতিক সন্ধিয়াও অনুষ্ঠিত হ’ব৷ অধিৱেশনৰ মুকলি সভাত সন্থাৰ সভাপতি ডা° ভি চন্দ্ৰশেখৰ,যুটীয়া সম্পাদক আৰ মোহন কুমাৰ,মুখ্য পৃষ্ঠপোষক ডা° দিব্যেন্দু মজুমদাৰ উপস্থিত থাকিব আৰু ইয়াতে ডা° আদ্ৰিজা ডেকাৰ তত্ত্বাৱধানত প্ৰকাশিত স্মৃতিগ্ৰন্থ উন্মোচন কৰাৰ লগতে প্ৰদান কৰা হ’ব “ইয়ং এচিভাৰ এৱাৰ্ড”৷
Trending
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন