ছত্তিশগড়ৰ ৰাজধানী ৰায়পুৰত অহা ১৬ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ অনুষ্ঠিত হবলগীয়া আগন্তুক সপ্তবিংশ সৰ্বভাৰতীয় বন ক্রীড়া সমাৰোহ (27th All India Forest Meet, 2024) ত অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ ৭১ জনীয়া এটা দলে ভাগ লব। দলটোৰ নেতৃত্ব দিব অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ প্ৰধান মূখ্য বন সংৰক্ষক আৰু বন বাহিনীৰ মূৰব্বী গৰাকীয়ে। আনহাতে অহা ১৪ অক্টোবৰত গুৱাহাটীৰ পৰা যাবলগীয়া ৭১ জনীয়া দলটোক বন বিভাগৰ সমূহ বনকৰ্মীৰ হৈ অসম বন কৰ্মচাৰী সন্থাৰ সভাপতি হোমেন পেগু , সাধাৰণ সম্পাদক ৰাহুল বৰা, সহকাৰী সাধাৰণ সম্পাদক আব্দুল ৰচিদ, বিত্ত সম্পাদক ঘনশ্যাম দাস ( জোন) , কাৰ্যালয় সম্পাদক নিৰ্মল বৰ্মন, গুৱাহাটী জিলা সমিতিৰ সভাপতি জয়ন্ত কলিতা আৰু সাধাৰণ সম্পাদক প্ৰহ্লাদ গায়নে এটা বিবৃতিত প্রতিযোগীসকলক শুভেচ্ছা জ্ঞাপন কৰি তেওঁলোকে যাতে উক্ত ক্রীড়া সমাৰোহত নিজ নিজ দক্ষতা তথা বিচক্ষণতা প্ৰদৰ্শন কৰি ভাল ফলাফল অর্জনেৰে অসমৰ পৰিৱেশ আৰু বন বিভাগলৈ সুনাম কঢ়িয়াই আনিব পাৰে তাৰ কামনা কৰিছে।
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ জালুকবাৰী সমষ্টিত ৰিনিকি ভূঞা শৰ্মাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ
- গৃহৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাকৈ নিৰ্বাচনী আয়োগৰ পদক্ষেপ
- নগঞা ঢুলীয়া, চিত্ৰশিল্পী, খনিকৰ মহেন্দ্ৰ বৰালৈ “বৰ্হমথুৰি শিল্পী বঁটা সাংস্কৃতিক মঞ্চ অসমৰ
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ