গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২৮ সংখ্যক সমাবৰ্তন সমাৰোহ খন অহা ২৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব।এই সন্দৰ্ভত মঙলবাৰে বিয়লি উপাচাৰ্যৰ কাৰ্যালয়ৰ সভাগৃহত আয়োজিত এক সংবাদমেলত বিশ্ববিদ্যালয়খনৰ উপাচার্য ড০ প্ৰতাপজ্যোতি সন্দিকৈয়ে আগন্তুক সমাৰোহখনৰ বিষয়ে সদৰি কৰি কয় ২৪ ফেব্ৰুৱাৰীত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া সমাৰোহত পৌৰাহিত্য কৰিব বিশ্ববিদ্যালয়ৰ আচাৰ্য আৰু অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে।উপাচার্য ড০ প্ৰতাপজ্যোতি সন্দিকৈয়ে কয় সমাৰোহত অসমৰ সাহিত্য,সংস্কৃতি,ভাস্কর্য,স্থাপত্যৰ ক্ষেত্রখনলৈ আগবঢ়োৱা অৱদানৰ বাবে বিশিষ্ট লেখক অৰূপ কুমাৰ দত্ত আৰু ভাস্কর্য শিল্পী বীৰেন সিংহক ক্ৰমে সন্মানীয় ডি লিট আৰু ডক্টৰেট ডিগ্রী প্ৰদান কৰা হ’ব।সমাৰোহত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বক্তৃতা প্ৰদান কৰিব বিশিষ্ট বিজ্ঞানী,পদ্মশ্রী আৰু শান্তি স্বৰূপ ভাটনগৰ বঁটা বিজয়ী,নতুন দিল্লীৰ জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচার্য অধ্যাপক সুধীৰ কুমাৰ চোপাৰীয়ে।আনহাতে এইবাৰ সমাবৰ্তনত নতুনত্ব অনাৰ লক্ষ্যৰে শিক্ষাৰ্থীক টুপী নিদিয়াৰ লগতে ৰাজ্যৰ পৰম্পৰাগত কৃষ্টি সংস্কৃতি প্ৰতিফলিত কৰা হ’ব বুলি উপাচার্য ড০ প্ৰতাপজ্যোতি সন্দিকৈয়ে সদৰি কৰে।সংবাদমেলত সমাবৰ্তন সমাৰোহৰ আহ্বায়ক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থাৰ সভাপতি ড০ অখিল ৰঞ্জন দত্তই কয় এইবাৰ সমাৰোহত ডিগ্রী লাভৰ বাবে ২৫৩৪ গৰাকী শিক্ষাৰ্থী আৰু ৩৪১জন পি এইচ ডি ডিগ্রীধাৰীয়ে আবেদন কৰিছে।ইয়াৰ ভিতৰত ৬৭৫ গৰাকী স্নাতকোত্তৰ,১৪৯৩ গৰাকী স্নাতক,১৭ গৰাকী এম ফিল আৰু ৮ গৰাকী ডিপ্লমাধাৰী শিক্ষাৰ্থীয়ো আছে।ইতিমধ্যে বিশ্ববিদ্যালয়ৰ ৱেবচাইটত এই সম্পর্কে সময়ে সময়ে আপডেট দিয়া হৈছে বুলি ড০ অখিল ৰঞ্জন দত্তই সদৰি কৰে।সংবাদমেলত সমাৰোহৰ সমন্বয়ক ড০ মাধুৰ্য প্ৰসাদ বৰা আৰ ড০ দ্বীপেন বেজবৰুৱা উপস্থিত থাকে।
Trending
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন