সাংবাদিক সকলে দিনে নিশাই ৰ’দে বতাহে কষ্ট স্বীকাৰ কৰি বাতৰি পৰিবেশন কৰে। এই সাংবাদিক সকলৰ কল্যাণৰ বাবে বৰ্তমান ৰাজ্য চৰকাৰে বহুকেইখন আঁচনি গ্ৰহণ কৰিছে আৰু অনাগত দিনতো তেখেতসকলৰ সমস্যা সমূহ নিৰাময়ৰ দিশত সদিচ্ছাৰে পদক্ষেপ গ্ৰহণ কৰিব। এই মন্তব্য মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীৰ। আজি জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত তথ্য আৰু জনসংযোগ বিভাগৰ সৌজন্যত আয়োজিত সাংবাদিক চিকিৎসা কল্যাণ আঁচনিৰ অধীনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰোগত আক্ৰান্ত ৩১ গৰাকী সাংবাদিকলৈ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে লগতে সাংবাদিকৰ বিভিন্ন আঁচনি সম্পৰ্কে অৱগত কৰে। আজিৰ এই অনুষ্ঠানত বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Trending
- সমন্বয়ৰ প্ৰতীক প্ৰাঞ্জল প্ৰতিম বৰাৰ কথাৰে
- দেশজুৰি প্ৰযোজ্য হ’ব এক ৰাষ্ট্ৰ, এক শিক্ষাৰ্থী ফৰ্মূলা, পামহী মইনাখোৰোং মজলীয়া বিদ্যালয়ত ইউনিক ইনফ’ ছলিউচনৰ সজাগতা সভা
- ‘দ্য বিউটিফুল ট্ৰেজেডি’ উপন্যাসৰ বাবে তুলসী দিৱসত লেখক-সাংবাদিক মৰম কুমাৰলৈ পথাৰ পাব্লিচাৰ্ছৰ বিশেষ সন্মান
- তামুলপুৰত জব্ মেলা আৰু লোন মেলাৰ সফল সামৰণি-মুঠ ৩১.৩৮ কোটি টকাৰ ৭৮১টা লোন মঞ্জুৰ
- নেহেৰু যুৱ কেন্দ্ৰ মৰিগাঁৱৰ উদ্যোগত ‘সু-শাসন’ দিৱস
- চ’চাইটি ফৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ বাৰ্ষিক অধিবেশন সম্পন্ন
- গ্ৰাহকক অস্বাস্থ্যকৰ পৰিবেশত মাছ – মাংস বিক্ৰী ; গুৱাহাটী পৌৰ নিগমৰ অভিযানত ৫৬ হাজাৰ টকাৰ জৰিমণা সংগ্ৰহ
- গুৱাহাটী প্ৰেছ ক্লাবত বহুভাষিক দুমহীয়া আলোচনী মহাৰ্ণৱৰ পঞ্চম বৰ্ষপূৰ্তি পালন
- পৰ্যটনৰ কোনো পৰিধি নাই- পৰ্যটন বিভাগটোক আৰু অধিক উজ্জীৱিত ৰূপত তুলি ধৰাৰ বাবে সংঘবদ্ধ হৈ কাম কৰাৰ আহ্বান পৰ্যটন মন্ত্ৰীৰ
- বনভোজ-নতুন বছৰৰ উৎসৱৰ সময়ত নীতি-নিদেৰ্শনা মানিহে গাড়ী চলোৱাৰ আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্তৰ