ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ গুৱাহাটী বিশ্ববিদ্যালয়স্থিত ৫০ আসাম এয়াৰ স্কোৱাদ্ৰোণ এন চি চি ইউনিটৰ দুটা পৰ্যায়ত গোৱালপাৰা জিলাৰ দুধনৈস্থিত জবাহৰ নবোদয় বিদ্যালয় চৌহদত ২৭ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত ১৪ দিনীয়া বাৰ্ষিক প্ৰশিক্ষণ শিবিৰৰ ১০ অক্টোবৰত সামৰণি পৰে । আনহাতে ৫০ আসাম এয়াৰ স্কোৱাদ্ৰোণ এন চি চি ইউনিটৰ কমাণ্ডিং অফিচাৰ , গ্ৰুপ কেপ্তেইন তথা শিবিৰৰ কেম্প কমাণ্ডেণ্ট ৰবীন বিষয়ৰ নেতৃত্বত অনুষ্ঠিত শিবিৰত ইউনিটৰ অধীনৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ জুনিয়ৰ , চিনিয়ৰ , গাৰ্লছ ডিভিজনকে ধৰি মুঠ ৭০২ জন কেডেটে ভাগ লয় । আনহাতে দুটা পৰ্যায়ত এক সপ্তাহকৈ অনুষ্ঠিত শিবিৰত ভাগ লোৱা কেডেট সকলক প্ৰশিক্ষক সকলে ৰেঞ্জ ফায়াৰিং , ৰাইফল ড্ৰিল , ফুট ড্ৰিল , যোগ , পি টি , পেৰেড , ক্ৰছ ক্ৰান্তি , এৰো মডেলিং , স্বচ্ছ ভাৰত , চাফাই অভিযান , সাংস্কৃতিক অনুষ্ঠানৰ অনুশীলন , সমাজসেৱা আদিৰ প্ৰশিক্ষণ দিয়ে । তেনেদৰে গ্রুপ কেপ্তেইন ৰবীন বিষয়ে নিৰ্বাচিত কিছু সংখ্যক কেডেটক বৰঝাৰস্থিত ভাৰতীয় বায়ু সেনাৰ চাউনিত লঘু বিমান চালনাৰ প্ৰশিক্ষণ প্ৰদান কৰে । আনহাতে এন চি চিৰ উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান মেজৰ জেনেৰেল ভাস্কৰ কলিতা আৰু গুৱাহাটী গ্রুপৰ গ্রুপ কমাণ্ডাৰ ব্ৰিগেদিয়াৰ যোগেশ চন্দ্ৰ কলিতায়ো শিবিৰ পৰিদৰ্শন কৰি কেডেট সকলৰ প্ৰশিক্ষণ কাৰ্যৰ বুজ লয় । দুয়োজন উচ্চপদস্থ সেনা বিষয়াই কেডেট সকলৰ সৈতে মত বিনিময় কৰাৰ উপৰি তেওঁলোকৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি উৎসাহিত কৰে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram