৫ জুলাইৰ পৰা পাঁচদিনীয়াকৈ কাজিৰঙাত অসম প্রকাশন পৰিষদৰ অনুবাদ কৰ্মশালা ভাষা-সাহিত্যৰ প্ৰসাৰৰ লক্ষ্যৰে অভিলাষী প্ৰকল্প

0 164

ভাষা-সাহিত্যৰ প্রচাৰ আৰু প্রসাৰৰ লক্ষ্যৰে অসম প্রকাশন পৰিষদে গ্ৰহণ কৰা পৰিকল্পনা অনুসৰি অহা ৫ জুলাইৰ পৰা কাজিৰঙাত অনুষ্ঠিত হ’ব এক অভিলাষী অনুবাদ কৰ্মশালা ৷ ইংৰাজী আৰু হিন্দীৰ পৰা অসমীয়া ভাষালৈ, অসমীয়া ভাষাৰ পৰা বড়ো আৰু বাংলা ভাষালৈ এলানি গ্ৰন্থ অনুবাদৰ জৰিয়তে ভাষা-সাহিত্যৰ সম্প্ৰসাৰণ তথা সমন্বয় সাধনৰ উদ্দেশ্যে ৫ দিনীয়াকৈ আয়োজন কৰা এই কৰ্মশালাত ৰাজ্যখনৰ ডেৰকুৰিৰো অধিক অসমীয়া, বড়ো আৰু বাংলা ভাষাৰ অনুবাদকে অংশগ্ৰহণ কৰিব। উল্লেখ্য যে এই অনুবাদ কৰ্মশালাত ড° মুকুণ্ডমাধৱ শৰ্মাৰ ‘হিতোপ্রদেশ’, ড° ৰাজেন্দ্ৰ কুমাৰ ভূঞাৰ ‘ঈছপৰ সাধু’, ড° প্ৰফুল্ল দত্ত গোস্বামীৰ ‘অসম দেশৰ সাধু’, প্রফুল্ল চন্দ্ৰ বৰুৱাৰ ‘বুধিয়ক কোন’, ড° বাণীকান্ত কাকতিৰ ‘পখিলা’, মহিম বৰাৰ ‘বত্ৰিছ পুতলাৰ সাধু’ অসমীয়াৰ পৰা বড়ো আৰু বাংলা ভাষালৈ অনুবাদ কৰা হ’ব।

কাজিৰঙাৰ কঁহৰাস্থিত ‘অৰণ্য টুৰিষ্ট ল’জ’ত অনুষ্ঠিত হ’বলগীয়া এই অনুবাদ কৰ্মশালা অহা ৫ জুলাইত বিয়লি ২ বজাত উদ্বোধন কৰিব সাহিত্য অকাদেমিৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ আহ্বায়ক, বিশিষ্ট লেখক দিগন্ত বিশ্ব শৰ্মাই। এই বিষয়ে সদৰী কৰি এক বিজ্ঞপ্তিত অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই কয় যে অনুবাদ কৰ্মৰ প্রতি নতুন লেখক-লেখিকাসকলক উৎসাহিত কৰাৰ বাবে এই কাৰ্যসূচী ৰূপায়ণৰ দিহা কৰা হৈছে। ইয়াত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিব ৰাজ্যৰ অনুবাদ ক্ষেত্ৰখনৰ কেইবাগৰাকী আগশাৰীৰ অভিজ্ঞ ব্যক্তিয়ে। সেই অনুসৰি অহা ৫ জুলাইত প্রথম দিনাৰ সমল ব্যক্তি হিচাপে কৰ্মশালাত অংশগ্ৰহণ কৰিব বিশিষ্ট লেখক, অভিধান প্ৰণেতা, অসম প্রকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা আৰু বিশিষ্ট বিজ্ঞানী, অনুবাদক- লেখক ড° দীনেশ চন্দ্ৰ গোস্বামীয়ে। ৬ জুলাইৰ পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হ’ব লগা কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব বড়ো সাহিত্য সভাৰ উপ-সভাপতি প্রশান্ত বড়ো আৰু বিশিষ্ট অনুবাদক, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্রাপ্ত অধ্যাপক নীৰেন্দ্ৰনাথ ঠাকুৰীয়া। ৭ জুলাইৰ পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হ’ব লগা কৰ্মশালাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিব অসমীয়া-বাংলা ভাষাৰ বিশিষ্ট লেখক-গৱেষক, কটন বিশ্ববিদ্যালয়ৰ বাংলা ভাষা বিভাগৰ অধ্যাপক ড° প্রশান্ত চক্ৰৱৰ্তীয়ে । অন্তিম দিন ৯ জুলাইৰ সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ’ব অনুবাদ কৰ্মশালাৰ সামৰণী অনুষ্ঠান।

Leave A Reply

Your email address will not be published.