এটা আশা, যি আশাত প্ৰতিফলিত হৈছিল সেউজবুলীয়া কিছু সপোন। সেই সপোনৰ পম খেদি আৰম্ভ হৈছিল অসমৰ প্ৰথমটো ইতিবাচক খবৰৰ নিউজ প্ৰ’ৰ্টেল nefocus.com।
সেই সময়ত ডিজিটেল মাধ্যমক মানুহে সিমান আঁকোৱালি লোৱা নাছিল। প্ৰকৃততে ডিজিটেল মাধ্যম নো কি অধিকাংশই বুজিয়ে পোৱা নাছিল। যাৰ বাবে চালুকীয়া অৱস্থাত Nefocus.com য়ে কৰিব লগা হৈছিল বহুতো সংগ্রাম। আচলতে খবৰ খবৰেই বুলি যদিও কোৱা হয় ভাল খবৰ বা ইতিবাচক খবৰে সমাজখনক নৰূপত চোৱাৰ ক্ষেত্ৰত অৰিহণা যোগায়। যাৰ আপাহতে সমগ্ৰ উত্তৰ পূৰ্বৰ ইতিবাচক খবৰ বুটলি আনি প্ৰকাশ কৰাৰ প্ৰয়াস কৰা হয়। বহুতে সোধে অথবা জানিব বিচাৰে সদায় ভাল খবৰ পোৱা যায় নে? উত্তৰত ইয়াকে কও যে ভাল খবৰ বিচাৰি অনা অথবা প্ৰকাশ কৰা এক ধৰণৰ কলা।
বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ পৰিপ্ৰেক্ষিতত আমি সঠিক সময়ত খবৰ যোগান ধৰিব নোৱাৰিলেও আপোনালোকে দিয়া মৰম আৰু সহাঁৰিৰ বাবেই হয়তো আজি ৬ লাখ ভিজিটৰ অতিক্ৰম কৰিলো। এয়া আমাৰ বাবে এক বৃহৎ সাফল্য। প্রিয় পাঠক এনেদৰে আগন্তুক দিনটো মৰম আৰু সহাঁৰি দিব বুলি আশা কৰিলো। লগতে আপোনালোকৰ বহুমূলীয়া দিহা পৰামৰ্শ বিচাৰিলো।
ধন্যবাদেৰে
সংগীতা শইকীয়া
সম্পাদক
Nefocus.com

Good
keep it up
বহুত বহুত শুভেচ্ছা থাকিল
Dhonyabad
অভিনন্দন