অহিংসা আৰু সমতাৰ ভেঁটিত এখন জাতি ভেদ ,শ্ৰেণীভেদ বিহীন সমাজ গঢ়াৰ আমৃত্যু প্ৰয়াস চলাই যোৱা জাতিৰ পিতা ,মহামানৱ মহাত্মা গান্ধীৰ ১৫২ সংখ্যক জন্ম জয়ন্তী ঢকুৱাখনা নগৰত ব্যতিক্রমী কার্যক্রমণিকাৰে পালন কৰা হয় । মানৱতাবাদী প্ৰবাদ পুৰুষ গৰাকীৰ জন্ম জয়ন্তী উপলক্ষত মানবতাবাদৰ জয়গান গাই ,অহিংসাৰ পূজাৰী গৰাকীৰ সশ্ৰদ্ধ স্মৰণেৰে ঢকুৱাখনা লায়ন্স ক্লাবৰ উদ্যোগত ঢকুৱাখনা নগৰত শনিবাৰে ৰক্তদান কাৰ্যসূচীৰে দিনজোৰাকৈ পালন কৰে এই দিৱস। ঢকুৱাখনা নগৰৰ ধৰমশালা ভৱন প্ৰাংগণত ঢকুৱাখনা ব্যৱসায় সন্থাৰ সহযোগত দিনৰ পৰা ১১ বজাৰ পৰা অনুষ্ঠিত ৰক্তদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ঢকুৱাখনাৰ মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া ডাঃ প্ৰদীপ মিলিয়ে । লাইন্স ক্লাবৰ এই ব্যতিক্ৰমী প্ৰয়াসলৈ অকুণ্ঠ সহযোগিতা আগবঢ়াই মহকুমাটোৰ মুঠ ৬৮ গৰাকী ৰক্তদাতাই স্বেচ্ছাই ৰক্তদান কৰি এই মানৱতাবাদী কৰ্মসূচীত অংশ গ্ৰহণ কৰে। ধেমাজি জিলা অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ যতীন্দ্ৰ মৰাণৰ নেতৃত্বত ৯ গৰাকী চিকিৎসা কৰ্মীয়ে পূৰ্ণ সহযোগিতা আগবঢ়োৱা এই ৰক্তদান কাৰ্যসূচীৰ পূৰ্বে ৰক্তদানৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ মানৱ শৰীৰত ইয়াৰ সুপ্ৰভাৱ সম্পৰ্কে ডাঃ যতীন্দ্ৰ মৰাণ , ডাঃ প্ৰদীপ মিলি , জ্যেষ্ঠ নাগৰিক কুশল গগৈ আদিয়ে চমু বক্তব্য আগবঢ়াই। লাইন্স ক্লাৱৰ উপ সভাপতি প্ৰফুল্ল চুতীয়াৰ সভাপতিত্বত , সদস্য ৰাজু চুতীয়াই আঁত ধৰা সজাগতা সভাত ঢকুৱাখনা লায়ন্স ক্লাৱৰ সভাপতি ডঃ অমল চন্দ্ৰ দত্ত , সম্পাদক দেবাংগ গগৈ , ৰাজু চুতীয়া, প্ৰশান্ত হিলৈদাৰীকে প্ৰমুখ্য কৰি সমূহ কৰ্মকর্তা আৰু ব্যৱসায় সন্থাৰ বিষয়ববীয়া সকল উপস্থিত থাকে । বাতৰি যুগুতালে অমৃত পৱন বৰাই ।
Trending
- Northeast Witnessing Unprecedented Development Under PM Modi’s Leadership: Pabitra Margherita
- ৰাইজিং নৰ্থ ইষ্ট বিনিয়োগকাৰী সন্মিলনৰ দ্বিতীয়দিনা আলোচনাত স্থান লাভ কাঁহৰ বাচন বৰ্তনত জিআই টেগ, লণ্ডনলৈ নেমুটেঙাৰ ৰপ্তানিৰ প্ৰসংগ
- পবিতৰা অভয়াৰণ্যত বৃদ্ধি পাইছে পৰ্যটক – দৰ্শনাৰ্থীৰ সংখ্যা- ৰাজহ সংগ্ৰহৰ পৰিমাণো পূৰ্বতকৈ বৃদ্ধি
- Maiden ‘Rising Northeast Investors’ Summit’ in Delhi
- অমৃত ভাৰত আঁচনিৰ অধীনত নতুন ৰূপত মধ্য অসমৰ হয়বৰগাওঁ ৰেলৱে ষ্টেচন – ২২ মে’ত ভিডিঅ কনফাৰেৰেন্সি যোগে উদ্ধোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
- ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰক বিকাশৰ ৰূপান্তৰৰ জৰিয়তে আটকধুনীয়াকৈ সুসজ্জিত কৰাৰ পোষকতা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
- বাৰিষাৰ প্ৰতিকূল পৰিস্থিতিত যান-বাহন ব্যৱহাৰকাৰীলৈ সতৰ্কবাণী পৰিবহণ বিভাগৰ
- সাংস্কৃতিক বিভাগৰ অধীনৰ বিভিন্ন বিষয়ৰ সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত বৈঠক
- Northeast’s Maritime Future Brightens: Union Minister Announces ₹1,500 Crore Investment in Waterway Projects
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন