অহিংসা আৰু সমতাৰ ভেঁটিত এখন জাতি ভেদ ,শ্ৰেণীভেদ বিহীন সমাজ গঢ়াৰ আমৃত্যু প্ৰয়াস চলাই যোৱা জাতিৰ পিতা ,মহামানৱ মহাত্মা গান্ধীৰ ১৫২ সংখ্যক জন্ম জয়ন্তী ঢকুৱাখনা নগৰত ব্যতিক্রমী কার্যক্রমণিকাৰে পালন কৰা হয় । মানৱতাবাদী প্ৰবাদ পুৰুষ গৰাকীৰ জন্ম জয়ন্তী উপলক্ষত মানবতাবাদৰ জয়গান গাই ,অহিংসাৰ পূজাৰী গৰাকীৰ সশ্ৰদ্ধ স্মৰণেৰে ঢকুৱাখনা লায়ন্স ক্লাবৰ উদ্যোগত ঢকুৱাখনা নগৰত শনিবাৰে ৰক্তদান কাৰ্যসূচীৰে দিনজোৰাকৈ পালন কৰে এই দিৱস। ঢকুৱাখনা নগৰৰ ধৰমশালা ভৱন প্ৰাংগণত ঢকুৱাখনা ব্যৱসায় সন্থাৰ সহযোগত দিনৰ পৰা ১১ বজাৰ পৰা অনুষ্ঠিত ৰক্তদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ঢকুৱাখনাৰ মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া ডাঃ প্ৰদীপ মিলিয়ে । লাইন্স ক্লাবৰ এই ব্যতিক্ৰমী প্ৰয়াসলৈ অকুণ্ঠ সহযোগিতা আগবঢ়াই মহকুমাটোৰ মুঠ ৬৮ গৰাকী ৰক্তদাতাই স্বেচ্ছাই ৰক্তদান কৰি এই মানৱতাবাদী কৰ্মসূচীত অংশ গ্ৰহণ কৰে। ধেমাজি জিলা অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ যতীন্দ্ৰ মৰাণৰ নেতৃত্বত ৯ গৰাকী চিকিৎসা কৰ্মীয়ে পূৰ্ণ সহযোগিতা আগবঢ়োৱা এই ৰক্তদান কাৰ্যসূচীৰ পূৰ্বে ৰক্তদানৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ মানৱ শৰীৰত ইয়াৰ সুপ্ৰভাৱ সম্পৰ্কে ডাঃ যতীন্দ্ৰ মৰাণ , ডাঃ প্ৰদীপ মিলি , জ্যেষ্ঠ নাগৰিক কুশল গগৈ আদিয়ে চমু বক্তব্য আগবঢ়াই। লাইন্স ক্লাৱৰ উপ সভাপতি প্ৰফুল্ল চুতীয়াৰ সভাপতিত্বত , সদস্য ৰাজু চুতীয়াই আঁত ধৰা সজাগতা সভাত ঢকুৱাখনা লায়ন্স ক্লাৱৰ সভাপতি ডঃ অমল চন্দ্ৰ দত্ত , সম্পাদক দেবাংগ গগৈ , ৰাজু চুতীয়া, প্ৰশান্ত হিলৈদাৰীকে প্ৰমুখ্য কৰি সমূহ কৰ্মকর্তা আৰু ব্যৱসায় সন্থাৰ বিষয়ববীয়া সকল উপস্থিত থাকে । বাতৰি যুগুতালে অমৃত পৱন বৰাই ।
Trending
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls