ৰঙিয়াত উপস্থিত নিৰ্বাচনী পৰ্যবেক্ষক প্ৰৱীৰ দত্ত -নিৰ্বাচনী কোষৰ তত্বাৱধায়ক সকলৰে বৈঠক

0 242

অহা ৬ মাৰ্চত হ’বলগীয়া ৰঙিয়া মহকুমাৰ অন্তৰ্গত ৰঙিয়া পৌৰসভাৰ অধীনৰ ১০ টা ৱাৰ্ডৰ নিৰ্বাচন নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে অসম চৰকাৰৰ ভূমি অধিগ্ৰহণ আৰু সংস্কাৰ বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰৱীৰ কুমাৰ দত্ত ,(অ. অ.সে. ) ক সাধাৰণ পৰ্যবেক্ষক (General Observer) হিচাপে নিয়োগ কৰিছে । আগন্তুক ৰঙিয়া পৌৰসভা নিৰ্বাচনৰ কাম – কাজ পৰ্যবেক্ষণ কৰিবলৈ নিৰ্বাচন পৰ্যবেক্ষক ৰূপে কালি আহি উপস্থিত হোৱা দত্ত বৰ্তমান ৰঙিয়া আৱৰ্ত ভৱনত আছে।
ৰঙিয়া মহকুমা প্ৰশাসনৰ তৰফৰ পৰা অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি জাৱীৰ ৰাহুল সুৰেশে, ভা: প্ৰ: সে:, তেখেতক মহকুমাধিপতি কাৰ্যালয়ত আদৰণি জনায়। আনহাতে, ৰঙিয়া পৌৰসভাৰ নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি নিৰ্বাচন পৰ্যবেক্ষক তথা অসম চৰকাৰৰ ভূমি অধিগ্ৰহণ আৰু সংস্কাৰ বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰৱীৰ কুমাৰ দত্তই পৌৰসভা নিৰ্বাচনৰ বাবে গঠিত বিভিন্ন কোষৰ তত্বাৱধায়ক সকলৰ সৈতে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত এক পৰ্যালোচনা বৈঠকত মিলিত হয়। ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত তথা অতিৰিক্ত উপায়ুক্ত জাৱীৰ ৰাহুল সুৰেশৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত ৰঙিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লীণা কুমাৰী পাৱে, সহকাৰী আয়ুক্ত তথা ৰঙিয়া পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া চম্পক ডেকা, নিৰ্বাচনী বিষয়া ড০ নীল হৰিৎ কৌশিক, সহকাৰী আয়ুক্ত অম্লান বৈশ্য, মহকুমা তথ্য আৰু জনসংযোগ বিষয়া হেমন্ত কুমাৰ শৰ্মা, উপ-পঞ্জীয়ক মনজিৎ কুমাৰ দাস, কোষাগাৰ বিষয়া হীৰামণি বৰ্মন প্ৰমুখ্যে মহকুমা প্ৰশাসনৰ বিষয়া সকলে ভাগ লয়। ইয়াৰ পিছত নিৰ্বাচনী বিষয়াক লগত লৈ পৰ্য্যবেক্ষক গৰাকীয়ে ষ্টং ৰুমৰ বহিৰ্ভাগ পৰ্যবেক্ষণ কৰে।আনহাতে তেখেতে ৰাইজলৈ গোহাৰি জনাই যে, নিৰ্বাচন জড়িত ওজৰ-আপত্তি থাকিলে তেখেতক পোনপটীয়াকৈ ৯১০১১৪১৬৪১ দূৰভাষ নম্বৰত ফোন কৰি জনাব পাৰিব।
বাতৰি যুগুতালে দীনেশ আগৰৱালাই..

Leave A Reply

Your email address will not be published.