গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ পশ্চিম জালুকবাৰীৰ খানামুখৰ শতবর্ষ গৰকা খানামুখ ৰাজহুৱা নামঘৰত বিগত বছৰ সমূহৰ দৰে এইবেলিও পবিত্ৰ মাঘী পূৰ্ণিমা উপলক্ষে ১৬ ফেব্ৰুৱাৰীত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে বাৰ্ষিক হোমাহুতি সম্পন্ন হৈ যায়। পুৱা ৮ বজাত প্ৰভাত ফেৰীৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পাছত ৮.৩০ বজাত ধৰ্মধজ্জা উত্তোলন কৰে খানামুখ ৰাজহুৱা নামঘৰ পৰিচালনা কমিটিৰ সভাপতি যাদৱ চন্দ্ৰ কলিতাই। তাৰ পাছত বাৰে ৰহনীয়া সাংস্কৃতিক আৰু ধৰ্মীয় কাৰ্যসূচীৰে অঞ্চলটোত ভাগৱত লৈ এক বিশাল শোভাযাত্ৰা উলিওৱা হয়। তেনেদৰে পুৱা ১০ বজাৰ পৰা নামঘৰ প্ৰাংগণত শ্ৰী শ্ৰীমহাবিষ্ণু পূজা আৰম্ভ কৰাৰ পাছত বিয়লি ২ বজাত শ্ৰী শ্ৰীমহাবিষ্ণুৰ হোমাহুতি সম্পন্ন হয়। আনহাতে হোমাহুতিৰ কাৰ্যসূচীত স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা , অগপৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক সুভাষ শৰ্মা, গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন কাউন্সিলাৰ ভূপেন ঠাকুৰীয়া , উদ্যোগী ব্যক্তি নন্দ কিশোৰ মহেশ্বৰী আৰু শেঠ গোবিন্দ ৰাম , মহকুমা কৃষি বিষয়া শৈলেন শইকীয়াকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আনহাতে সন্ধিয়া বন্তি প্ৰজ্বলনৰে বাৰ্ষিক হোমাহুতিৰ সামৰণি মৰা হয়।
Trending
- গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি
- আগন্তুক দিনত ৰাজ্যত পুনৰ গাজনি, ঢেৰেকনি , বজ্ৰপাত , ধুমুহাৰ সৈতে প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা
- ৰাণীৰ জয়পুৰত বন বিভাগৰ উদ্যোগত বিশ্ব ধৰিত্ৰী দিৱস পালন
- খানামুখত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত “মায়াবিনী ৰাতি” শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান
- অসম বন বিদ্যালয়ত বন্যপ্ৰাণী বিশেষজ্ঞ ডঃ আনোৱাৰুদ্দিন চৌধুৰীৰ গ্ৰন্থ ‘ৱাৰ্ডছ অৱ দীপৰ বিল’ উন্মোচন
- ৰাষ্ট্ৰীয় অসামৰিক সেৱা দিৱস পালন
- নতুন দিল্লীত অসম এছ’চিয়েচনৰ উদ্যোগত ৰঙালী বিহু উদযাপন
- প্ৰাকৃতিক পৰিবেশত দেৱকান্ত বৰদলৈৰ গ্ৰন্থ অতীতৰ সন্ধানত- ৪ৰ্থ খণ্ড উন্মোচন
- ৩৫তম কাৰ্বি দেহাল কাৰ্চিদম উৎসৱৰ প্ৰস্তুতি
- ৰঙালী বিহু ২০২৬ উপলক্ষে বৃদ্ধাশ্ৰম আৰু শিশু যত্ন প্ৰতিষ্ঠানত টপচেম চিমেণ্টৰ আনন্দ উৎসৱ উদযাপন