ৰঙিয়াত খণ্ড পৰ্যায়ৰ স্বাস্থ্য মেলাৰ আয়োজন

0 234

দেশৰ স্বাধীনতাৰ মহাৰজত জয়ন্তী “আজাদী কা অমৃত মহোৎসৱ” উদযাপনৰ লগতে আয়ুষ্মান ভাৰত স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ চতুৰ্থ বৰ্ষপূৰ্তি উদযাপনৰ লগত সংগতি ৰাখি ৰঙিয়াত আজি এক খণ্ড পৰ্যায়ৰ স্বাস্থ্য মেলা অনুষ্ঠিত হয়। পূব বড়িগোগ কনিহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে আয়োজিত এই স্বাস্থ্য মেলা উদ্বোধন কৰে ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই । অনুষ্ঠানটিত মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়াদ্বয় ডাঃ জোনালী ডেকা আৰু ডাঃ গুণ গোবিন্দ শৰ্মাৰ লগতে বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। স্বাস্থ্য মেলাত তিনি শতাধিক ৰোগীক চিকিৎসা প্ৰদান কৰা হয়। মেলাত সংহত শিশু উন্নয়ন কেন্দ্ৰ আৰু শিক্ষা বিভাগৰ দ্বাৰা স্থাপন কৰা বিপণীত বিভিন্ন শিক্ষামূলক তথা স্বাস্থ্য সজাগতা সামগ্ৰী প্ৰদৰ্শিত কৰাৰ লগতে এক যোগ শিবিৰো অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানটিত স্বাস্থ্য বিভাগৰ বিষয়ববীয়াসকলৰ লগতে অঙ্গনৱাদী কৰ্মীসকল, চুপাৰভাইজাৰসকলো উপস্থিত থাকে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Leave A Reply

Your email address will not be published.