ৰঙিয়াত গৰ্ভৱতী মহিলা আৰু শিশু সকলৰ বাবে বিশেষ টিকাকৰণ শিবিৰ

0 273

কেন্দ্রীয় চৰকাৰৰ স্বাস্থ্য বিভাগৰ সকলোৰ বাবে টিকাকৰণ আঁচনিৰ অধীনত তথা চৰকাৰৰ নিৰ্দেশ মৰ্মে সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাৰ ৰঙিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্রত জিলা ভিত্তিক কেন্দ্রীয় ভাৱে গৰ্ভৱতী মহিলা আৰু শিশুৰ বাবে বিশেষ টিকাকৰণ শিবিৰ অনুষ্ঠিত কৰা হয়। এই শিবিৰত শতাধিক মহিলা আৰু শিশুক টিকাকৰণ কৰা হয়। জিলা টিকাকৰণ বিষয়া ডাঃ যুগল চন্দ্র দাসে শিবিৰ উদ্বোধন কৰে। উল্লেখ্য যে বিগত কোভিডৰ সময়ত যি সকল শিশু টিকাকৰণৰ পৰা বাদ পৰিছিল তেওঁ লোকক এই শিবিৰত টিকাকৰণৰ ব্যৱস্থা কৰাৰ উপৰিও এই শিবিৰৰ জৰিয়তে দেশৰ পৰা সৰু আই আৰু ৰুবেলা নিশ্চিহ্ন কৰাৰ উদ্দেশ্যে তিনিমাহ জোৰা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । শিবিৰ খনৰ জৰিয়তে ১৬ ডিচেম্বৰৰ লগতে ১৭ জানুৱাৰী আৰু ১৭ ফেব্রুয়াৰীত- এ সপ্তাহকৈ টিকাকৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। প্ৰতি বাৰ এসপ্তাহ জুৰি এই কাৰ্যসূচী চলিব বুলি টিকাকৰণ বিষয়া ডাঃ দাসে জানিবলৈ দিয়ে। ১৬ ডিচেম্বৰৰ পৰা প্ৰথম পৰ্যায়ৰ টিকাকৰণ কাৰ্যসূচী আৰম্ভ হৈছে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই ।

Leave A Reply

Your email address will not be published.