ৰঙিয়া প্ৰশাসনৰ বিশ্ব অ’টিজিম সজাগতা দিৱস উদযাপন

0 277

 অ’টিজম’ৰ বাবে এখন সহানুভূতিশীল পৃথিৱীৰ কামনাৰে সমগ্ৰ বিশ্বৰ লগতে আজি ৰঙিয়া মহকুমা প্ৰশাসনেও ‘কামৰূপ জিলা দিৱস’ৰ সৈতে সংগতি ৰাখি ৰঙিয়া চহৰৰ ‘হৰদত্ত-বীৰদত্ত ভৱনত ‘বিশ্ব অ’টিজম সজাগতা দিৱস পালন কৰে ।

এই উপলক্ষে অতিৰিক্ত উপায়ুক্ত তথা ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি জাৱীৰ ৰাহুল সুৰেশৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজহুৱা সজাগতামূলক সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ ‘নিদানিক মনোবিজ্ঞান’ বিভাগৰ সহযোগী অধ্যাপিকা ডাঃ মৈথিলী হাজৰিকাই অ’টিষ্টিক শিশু সকলৰ ক্ষেত্ৰত মনত ৰাখিব লগীয়া কেতবোৰ গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে । সভাত মুখ্য অতিথিৰ ভাষণত তেখেতে কয় যে, শাৰীৰিক তথা মানসিক অৱস্থাৰ ওপৰত ভিত্তি কৰি এই সকল শিশুক কথা-বতৰা শিকোৱাটো প্ৰয়োজন আৰু প্ৰয়োজনত স্পীড্ থেৰাপিষ্টৰ সহায় লোৱা উচিত। ডাঃ হাজৰিকাই উল্লেখ কৰে যে, শিশুটিৰ আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ খেলা-ধূলা, সাধু-কবিতা আদি শুনোৱাকে ধৰি কথা-বতৰা পতাৰ বাবে উৎসাহিত কৰিব লাগে।‌ তেখেতে লগতে কয় যে, শিশুটিক কথা পাতিবলৈ বা কোনো কামৰ বাবে জোৰ কৰাৰ পৰা বিৰত থকাটো দৰকাৰ। অ’টিজিমত আক্ৰান্ত শিশুক অইন সাধাৰণ শিশুৰ দৰেই গণ্য কৰাটো প্ৰয়োজন। তেখেতে ভাষণৰ অন্তত অনুষ্ঠিত প্ৰশ্নোত্তৰ কালত অন্তৰংগতাৰে ৰাইজৰ বিভিন্ন প্ৰশ্নৰ সাৱলীলভাৱে ভাৱে উত্তৰ দি অনুষ্ঠানটি অধিক মনোগ্ৰাহী কৰি তোলে ।
সভাত অধ্যক্ষতা কৰি অতিৰিক্ত উপায়ুক্ত তথা ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি জাৱীৰ ৰাহুল সুৰেশে, ভা: প্ৰ: সে:, সমাজৰ অন্য লোকৰ দৰে অ’টিষ্টিক ব্যক্তিসকলেও যাতে জীৱনটো উপভোগ কৰিব পাৰে, সেই উদ্দেশ্যে সমাজত জনসচেতনতা বৃদ্ধি কৰিবলৈ সকলোকে আহ্বান জনায় । তেখেতে কামৰূপ জিলা দিৱস উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।
আৰম্ভণিতে নিৰ্বাচনী বিষয়া ড০ নীল হৰিৎ কৌশিকে আদৰণি ভাষণত কামৰূপ জিলাৰ ঐতিহাসিক পটভূমি ব্যাখ্যা কৰি ‘জিলা দিৱস’ৰ লগতে ‘বিশ্ব অ’টিজিম সজাগতা দিৱস’ৰ তাৎপৰ্য্য দাঙি ধৰে। সহকাৰী আয়ুক্ত তথা ৰঙিয়া পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া চম্পক ডেকা, সহকাৰী আয়ুক্ত অম্লান বৈশ্য বিশিষ্ট ব্যক্তি হিচাপে মঞ্চত উপবিষ্ট হোৱা এই সভাত শলাগৰ শৰাই আগবঢ়ায় নিৰ্বাচনী বিষয়া ড০ নীল হৰিৎ কৌশিকে ।
আজিৰ এই গাম্ভীৰ্য্যপূৰ্ণ সভাখনত ৰঙিয়া মহকুমা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী, চিকিৎসক-চিকিৎসাকৰ্মী, শিক্ষক, অংগনৱাদী কৰ্মী-সহায়িকা, আশা কৰ্মী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাৰ ৰিপৰ্ট

Leave A Reply

Your email address will not be published.