ৰঙিয়াত ক্লিন বৰলীয়া গ্ৰীণ ৰঙিয়া শীৰ্ষক অভিযানৰ শুভাৰম্ভনি

0 220

বৃহস্পতিবাৰৰ পৰা ৰঙিয়াত মহকুমা প্ৰশাসনৰ নেতৃত্বত ‘ক্লিন বৰলীয়া গ্ৰীণ ৰঙিয়া’ শীৰ্ষক এক অভিযানৰ শুভাৰম্ভনি কৰা হয়। উল্লেখ্য যে ঠায়ে-ঠায়ে বৰলীয়া নৈ খনৰ দাঁতিত লেতেৰা যাবৰ- যথৰ পেলোৱাৰ ফলত নৈ খনৰ পানী অস্বাস্থ্যকৰ হয় পৰিছিল, বৃহস্পতিবাৰে ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যাগত ৰঙিয়া পৌৰসভা, জলসম্পদ বিভাগ, স্বেচ্ছাসেৱী সংস্থা সাধনা আদিৰ সহযোগত এই অভিযানৰ শুভাৰম্ভণি কৰা হয়। এই কার্যসূচীত ৰঙিয়া মহকুমাৰ মহকুমাধিপতি জাভীৰ ৰাহুল সুৰেশ, ৰাজহ চক্ৰ বিষয়া লীনা কুমাৰী পাৱেকে ধৰি ৰঙিয়া পৌৰসভাৰ কাৰ্যবাহী অভিযন্তা, স্বেচ্ছাসেৱী সংস্থা সাধনাৰ বিষয়ববীয়া, ৰঙিয়া পৌৰসভাৰ নৱনিৰ্বাচিত পৌৰপতি, উপ-পৌৰপতি, ৱাৰ্ড কমিছনাৰ সকলৰ লগতে ৰঙিয়াৰ ভালে কেইগৰাকী বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে। এই পদক্ষেপৰ জৰিয়তে সকলোৱে অনাগত সময়ত ৰঙিয়াৰ প্ৰাণকেন্দ্ৰ স্বৰূপ বৰলীয়া নৈ খন পৰিষ্কাৰ কৰি ৰখাৰ পৰিকল্পনা কৰিছে। এই বিষয়ত ৰঙিয়া মহকুমাৰ মহকুমাধিপতি জাভীৰ ৰাহুল সুৰেশে ৰঙিয়া বাসীক বিশেষভাৱে আহ্বান জনাইছে যাতে ৰঙিয়া চহৰখন সেউজ কৰি ৰাখিবলৈ সকলোৱে বৰলীয়া নৈখন পৰিষ্কাৰ কৰি ৰখাত সহযোগ কৰে, এই পদক্ষেপ আদৰণি জনায় আগন্তুক দিনত ৰঙিয়া ৰাইজবাসীৰ হৈ কাম কৰি যোৱাৰ উল্লেখ কৰে ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰ আৰু উপ পৌৰপতি বিদ্যুৎ ডেকাই।

ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাৰ ৰিপৰ্ট ।

Leave A Reply

Your email address will not be published.