কভিড -১৯ কেন্দ্ৰীক পৰিস্থিতিৰ বাবে দুটা বছৰ সম্পূৰ্ণ বন্ধ হৈ থকাৰ পাছত আন আন ভ্ৰাম্যমাণ থিয়েটাৰৰ দৰে পুনৰ নাট্যপ্ৰেমী ৰাইজৰ শুভাশীষ বিচাৰি আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল ৰাজতিলক থিয়েটাৰেও ২২-২৩ নাট্যবৰ্ষৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। যোৱা দুটা বৰ্ষৰ বিৰতিৰ পাছত চলিত নাট্যবৰ্ষত ৰাজতিলক থিয়েটাৰৰ মঞ্চত দেখিবলৈ পাব বিশিষ্ট নাট্যকাৰ-পৰিচালক – অভিনেতা চম্পক শৰ্মাৰ তীক্ষ্ণ কলমৰ সৃষ্টি ‘মহিষাসুৰ’ আৰু ‘গংগাজল’। ইতিমধ্যে দুয়োখন নাটকৰে প্ৰমো ভিডিঅ’ মুকলি কৰি দৰ্শকৰ সমাদৰ লাভ কৰিছে নাট্যদলটোৱে। আনহাতে, নাট্যকাৰ-পৰিচালক ধ্ৰুৱজ্যোতি শৰ্মাৰ এক হৃদয়স্পর্শী কাহিনীৰে ৰাজতিলকৰ মঞ্চত চাবলৈ পাব ‘বিবাহ বার্ষিকী’। উল্লেখ্য যে ৰাজতিলকৰ মঞ্চত এইবাৰ অভিনয় কৰিব চম্পক শৰ্মা, সুদর্শন নায়ক, চন্দন ডেকা, মিতুল বালাজী, দুলাল শর্মা, হেমাংগ ৰাজ, উৎপল ঠাকুৰীয়া, প্ৰাঞ্জনা দত্ত, আকাশী বৰুৱা, লীজা বৰুৱা আৰু বহুতো ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে। আনহাতে পশ্চিম গুৱাহাটীৰ ৰাণী বজাৰৰ পৰা মাত্ৰ তিনি কিঃমিঃ নিলগৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ নাৰগাঁওত থকা ৰাজতিলক থিয়েটাৰৰ স্থায়ী আখৰা গৃহত আজি মাংগলিক কাৰ্যৰ মাজেৰে আখৰাৰ শুভাৰম্ভ কৰে থিয়েটাৰ খনৰ প্ৰযোজিকা মধুমিতা বিশ্ব শৰ্মাই । এই উপলক্ষে আয়োজিত চমু অনুষ্ঠানত থিয়েটাৰখনত চুক্তিবদ্ধ হোৱা কেবাগৰাকী অভিনেতা – অভিনেত্ৰী , শিল্পী , কলা – কুশলী , আৰু সাংস্কৃতিক জগতৰ আমন্ত্ৰিত কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । ৰাজতিলক থিয়েটাৰৰ সম্পাদক দীপক কলিতাই জনোৱা মতে ইতিমধ্যে নাট্যদলটোৱে চলিত নাট্যবৰ্ষৰ প্ৰায় ৭০ শতাংশ পেণ্ডেল বুকিঙৰ নিমন্ত্ৰণ লাভ কৰিছে । আখৰা কাৰ্যৰ শুভাৰম্ভ কৰাৰ পাছত অহা ১৫ আগষ্টৰ পাছত দৰ্শকৰ উপস্থিতিত আখৰা স্থানত মঞ্চত নাট প্ৰদৰ্শন কৰিব।
Trending
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান