নেচনেল ফিল্ম ফেষ্টিভেল আ‌য়োজন

0 438

বিগত বৰ্ষ সমুহৰ দৰে চলচিচত্ৰম্ নামৰ সংস্হাটোৱে আয়োজন কৰি অহা চলচিত্ৰম্‌ নেচনেল ফিল্ম ফেষ্টিভেল এবাৰো অহা ১০ আৰু ১১ ছেপ্টেম্বত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব৷ আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সভাত এই কথা ঘোষণা কৰে চলচ্ছিত্ৰমৰ সভাপতি উৎপল দত্তই৷ অসমৰ চিত্ৰজগতৰ ভালেমান বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এইবাৰৰ মহোৎসৱৰ প্ৰতীকপট নেফটাৰ সভাপতি ৰাজেন ৰাজখোৱা আৰু সাংস্কৃতিক সাংবাদিক সন্হাৰ সম্পাদক শিবানু বৰাই উন্মোচন কৰি মহোৎসৱৰ দিন ঘোষণা কৰে৷ উল্লেখ্য, ২০১৭ চনৰ পৰা প্ৰতিবছৰে চলচ্ছিত্ৰমে্ মহোৎসৱ মাৰ্চ মাহত অনুষ্ঠিত কৰি আহিছিল যদিও যোৱা বছৰ ক’ভিদ পৰিস্থিতিৰ বাবে মহোৎসৱ আগষ্ট মাহত অনলাইন যোগে অনুষ্ঠিত কৰা হৈছিল৷ ভাৰতৰ বিভিন্ন স্থানত অনুষ্ঠিত হৈ থকা চলচ্চিত্ৰ মহোৎসৱৰ সময়ৰ লগত সংগতি ৰাখি এই বছৰৰ পৰা এই মহোৎসৱ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত কৰা হব বুলি সভাপতি উৎপল দত্তই জানিবলৈ দিয়ে৷ এইবাৰৰ মহোৎসৱত ভাৰতৰ বিভিন্ন ঠাইৰ চিত্ৰনিৰ্মাতা আৰু লেখকৰ লগতে প্ৰসিদ্ধ চলচ্চিত্ৰ অভিনেত্ৰী ৰূপা গাংগুলীয়ে অংশগ্ৰহণ কৰাৰ কথা৷
প্ৰতিবছৰে কৰি অহাৰ দৰে এই বছৰো চুটি ছবিৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ এই প্ৰতিযোগিতাৰ মূল বিষয় আমাৰ ঐতিহ্য আমাৰ গৌৰৱৰ আধাৰত ভাৰতীয় কলা-সংস্কৃতি, পৰম্পৰা, নাৰী, দেশপ্ৰেম, ডিজিটেল পৃথিবী, উন্নয়ন, পৰিবেশ, মানুহ আৰু প্ৰকৃতি আৰু ভাৰতীয় পৰিয়াল বিষয়ক চুটি কাহিনী ছবি, তথ্যচিত্ৰ আৰু এনিমচেন ছবিয়ে প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব পাৰিব৷ অসমীয়া ভাষাত চলচ্চিত্ৰ চৰ্চা বৃদ্ধি কৰাৰ উদ্দেশ্য আগত ৰাখি এইবাৰ চলচ্চিত্ৰ বিষয়ক গ্ৰন্থ, ৰচনা, ৰেডিঅ’ অনুষ্ঠান, টেলিভিচন অনুষ্ঠান আৰু ইউটিউব জাতীয় প্লেটফৰ্মত প্ৰকাশিত ভিডিঅৰ এটা প্ৰতিযোগিতাৰ আৰম্ভণি কৰা হৈছে৷ মহোৎসৱৰ আদৰ্শৰ লগত মিল থকা চুটি আৰু পূৰ্ণ দৈৰ্ঘৰ ছবিও প্ৰদৰ্শনৰ বাবে প্ৰেৰণ কৰাৰ ব্যবস্থা থকাৰ কথা আয়োজক সকলে জানিবলৈ দিয়ে৷ প্ৰতিযোগিতাৰ সকলো তথ্যৰ বাবে চলচ্চিত্ৰমৰ ৱেবচাইট চলচ্ছিত্ৰম ডট ইনত চাব পাৰিব৷ উক্ত প্ৰতিযোগিতাত অংশগ্রহণ কৰাৰ বাবে চলচ্চিত্রমে্ কেতবোৰ নিয়মাবলী সন্নিবিষ্ট কৰিছে। সেই অনুযায়ী ২০২০ চনৰ ১ ছেপ্টেম্বৰৰ পৰা ২০২২ চনৰ ৩১ আগষ্টৰ ভিতৰত নিৰ্মিত ছবিয়ে এই মহোৎসৱত অংশগ্ৰহণ কৰিব পাৰিব৷ ছবিৰ মূল বিষয় ঃ আমাৰ ঐতিহ্য আমাৰ পৰম্পৰা৷ ঃ ২০২০ চনৰ ১ ছেপ্টেম্বৰৰ পৰা ২০২২ চনৰ ৩১ আগষ্টৰ ভিতৰত প্ৰকাশিত অসমীয়া চিনেমা বিষয়ক অসমীয়া ভাষাত লিখিত গ্ৰন্থ, বাতৰি কাকত-আলোচনী, ৱেব মেগাজিনত প্ৰকাশিত প্ৰবন্ধ, ছবি আৰু চিনেমা বিষয়ৰ অডিঅ’-ভিডিঅ’ অনুষ্ঠান পঠিওৱাৰ অন্তিম তাৰিখ ২ ছেপ্টেম্বৰ৷ প্ৰতিযোগিতাৰ বাবে গ্ৰন্থ এখনৰ লগতে লিখনি কমেও ছয়টা পঠাব লাগিব বুলিও উদ্যোক্তা সকলে জানিবলৈ দিছে।

Leave A Reply

Your email address will not be published.