ৰাজধানী নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত পথ আৰু প্ৰতিমূৰ্তি মুকলি

0 88

দেশৰ ৰাজধানী নতুন দিল্লীত কালি এক ঐতিহাসিক মূহুৰ্ত হিচাপে বড়ো জনগোষ্ঠীৰ বাবে অকুণ্ঠ অবদান আগবঢ়াই যোৱা বড়ো জাতিৰ জনক হিচাপে পৰিচিত উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত এটা পথৰ নাম বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম হিচাপে নতুনকৈ নামকৰণ কৰাৰ লগতে কৈলাশ কলনীৰ ঘূৰণীয়া পথত বডোফাৰ এটা প্ৰতিমূৰ্তিও উন্মোচন কৰা হয়।অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা বিশেষ অতিথি হিচাপে উপস্থিত থকাৰ লগতে বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, দিল্লীৰ মেয়ৰ ৰাজা ইকবাল সিং, বডোলেণ্ডৰ কল্যাণ মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্ম, এবছুৰ সভাপতি দিপেন বড়ো, সাংসদ বানসুৰী স্বৰাজ, সাংসদ জয়ন্ত বসুমতাৰী, সাংসদ ৰৱংৱৰা নাৰ্জাৰী, বিধায়ক শিখা ৰায় আৰু অন্যান্য গণ্যমান্য ব্যক্তি সকল উপস্থিত থাকে ।
কৈলাশ কলনী মেট্ৰ’ ষ্টেচনৰ ওচৰত আৰু বডোলেণ্ড গেষ্ট হাউছৰ কাষতে অৱস্থিত ৮৩৫ মিটাৰ দৈৰ্ঘ্যৰ এই অংশটো পূৰ্বে লালা লাজপত ৰায় পথৰ অংশ আছিল আৰু এতিয়া বডোফাৰ সন্মানত ইয়াৰ নাম সলনি কৰা হৈছে। উল্লেখ্য যে এইবাৰ দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰীয় ৰাজধানীত অসমৰ কোনো ব্যক্তিৰ নামেৰে এটা পথৰ নামকৰণ কৰা হৈছে। ইয়াৰ পূৰ্বে চাণক্যপুৰীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ মাৰ্গ নামে আন এটা পথ আনজন অসমীয়াৰ নামত উৎসৰ্গা কৰা হৈছিল।অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভাষণ প্ৰদান কৰি কয় যে বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মই এনে এখন সমাজৰ কল্পনা কৰিছিল য’ত পৰিচয় আৰু সততাৰ সহাৱস্থান আছিল।দিল্লীৰ বুকুত তেওঁৰ উত্তৰাধিকাৰক সন্মান জনোৱাটোৱে সৰ্বাংগীন উন্নয়ন আৰু সমন্বয়ৰ ক্ষেত্ৰত তেওঁৰ অৱদা নে বড়ো জাতিক কৃতজ্ঞ কৰি আহিছে। ঐক্যৰ ক্ষেত্ৰত তেখেতৰ দৃষ্টিভংগী অধিক প্ৰাসংগিক। এই অনুষ্ঠানত অংশ লব পৰাতো মোৰ পৰম সৌভাগ্য। বড়োফাৰ প্ৰতিমূৰ্তি স্থাপন আৰু দিল্লীৰ এটা পথৰ নাম সলনি কৰাটো কেৱল বডোলেণ্ডৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নহয় বৰঞ্চ সমগ্ৰ দেশৰ সকলো সম্প্ৰদায় আৰু জনজাতিৰ প্ৰতি সন্মানৰ চিন। মই তেওঁলোকক আশ্বস্ত কৰিব বিচাৰো যে এই দেশখন আন কাৰোবাৰ দৰেই তেওঁলোকৰ।
শেহতীয়াকৈ পহলগামত সংঘটিত হোৱা আক্ৰমণৰ কথা উল্লেখ কৰি তেওঁ লগতে কয়,ঘটনাটোত জৰিত থকা প্ৰতিজন ব্যক্তিয়ে উপযুক্ত সঁহাৰিৰ সন্মুখীন হ’ব। উত্তৰ পূৰ্বাঞ্চল হওক, বাওঁপন্থী উগ্ৰবাদৰ অঞ্চলেই হওক বা কাশ্মীৰত সন্ত্ৰাসবাদৰ ছাঁ হওক, ভাৰতীয় মাটিৰ প্ৰতিটো কোণৰ পৰা সন্ত্ৰাসবাদ নিৰ্মূল কৰিবলৈ মোডী চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। এই আক্ৰমণৰ পিছত সমগ্ৰ জাতি একত্ৰিত হৈ থিয় দিছে।
অসম চৰকাৰে আয়োজন কৰা এই অনুষ্ঠানত বডোফাৰ ৩৫ সংখ্যক মৃত্যু বাৰ্ষিকীকো স্মৰণ কৰা হয়। শিক্ষাৰ প্ৰসাৰ, খিলঞ্জীয়া পৰিচয় ৰক্ষা, বড়ো সম্প্ৰদায়ৰ বাবে শান্তিপূৰ্ণ সংস্কাৰৰ পোষকতা কৰা অদম্য কামৰ বাবে তেওঁক স্মৰণ কৰা হয়।
ভাষণ প্ৰসঙ্গত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘বড়ো সম্প্ৰদায় সদায় অসমৰ বৈচিত্ৰময় সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ হৈ আহিছে। বড়োফাৰ মূল্যবোধে আমাক পথ প্ৰদৰ্শন কৰি আহিছে।তেওঁৰ নেতৃত্বই যুৱক-যুৱতীসকলক আশা প্ৰদান কৰাৰ লগতে শান্তিপূৰ্ণ উপায়েৰে পৰিৱৰ্তন বিচাৰিবলৈ উৎসাহিত কৰে।দিল্লীত আজি অনুষ্ঠিত হোৱা অনুষ্ঠানটো অসমৰ বাবে বিশেষকৈ বড়োফাৰ আজীৱন সংগ্ৰামৰ বাবে এক গৌৰৱৰ মুহূৰ্ত।
অসমৰ গৌৰৱ আৰু বীৰত্বৰ প্ৰতীক হিচাপে পৰিগণিত হোৱা কিংবদন্তি আহোম সেনাপতি লাচিত বৰফুকনৰ জীৱনীৰ ওপৰতো আমি কাম কৰি আছো। গৃহমন্ত্ৰী অমিত শ্বাহে লাচিত বৰফুকনৰ জীৱনী দেশৰ বিভিন্ন পুথিভঁৰাললৈ যোৱাটো নিশ্চিত কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে।মধ্যপ্ৰদেশৰ অন্যতম পুৰণি যুদ্ধ প্ৰশিক্ষণ কাৰ্যসূচীও লাচিত বৰফুকনৰ নামেৰে নামাকৰণ কৰা হ’ব। আমাৰ জাতীয় নেতৃত্ব তথা বীৰ সকলৰ প্ৰতি জনোৱা সমৰ্থন সঁচাকৈয়ে প্ৰশংসনীয়।’-তেওঁ লগতে কয়।
এবছুৰ সভাপতি দিপেন বড়োৱে কয় যে, “এইটো এটা ঐতিহাসিক মূহুৰ্ত আৰু চৰকাৰে দেখুওৱা মৰম আৰু সমৰ্থনত মই গভীৰভাৱে আপ্লুত হৈছো।এই মুহূৰ্তটো বছৰ বছৰ ধৰি ঐক্যবদ্ধ প্ৰচেষ্টাৰ ফল।বড়োফাৰ শিক্ষা, ন্যায়পৰায়ণতা, অহিংসাৰ বাৰ্তাই আমাক অনুপ্ৰাণিত কৰি আহিছে। এই স্থায়ী শ্ৰদ্ধাঞ্জলি সম্ভৱ কৰি তোলা সকলোকে আমি ধন্যবাদ জনাইছো।
সদৌ বড়ো ছাত্ৰ সন্থা (এবছু)ৰ দীৰ্ঘদিনীয়া দাবীৰ ফল এই পথ আৰু প্ৰতিমূৰ্তি উন্মোচন। এই উপলক্ষে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কয়, আমাৰ বড়োফাক এই সন্মান প্ৰদান কৰাৰ বাবে আৰু বড়ো জনগোষ্ঠীক অবিৰত সহায় আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক ধন্যবাদ জনাইছো।এই মুহূৰ্তটো আমাৰ ৰাইজে সদায় মনত ৰাখিব।বড়োফাই ৩৫ বছৰ পূৰ্বে বড়োলেণ্ড আন্দোলনৰ সূচনা কৰিছিল আৰু চৰকাৰৰ সহযোগত আমি বহু দূৰ আগবাঢ়িছো।বড়ো চুক্তি শান্তি আৰু উন্নয়নৰ দিশত এক মূল পদক্ষেপ আছিল, আৰু ইয়াৰ কাৰ্যকৰীকৰণৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা শক্তিশালী হৈ আছে।
দিল্লীৰ মুখ্যমন্ত্ৰী ড. ৰেখা গুপ্তাই কয়, দিল্লী এখন মিনি ইণ্ডিয়াৰ দৰে, য’ত সকলো ৰাজ্যৰ মানুহে একেলগে বাস কৰে।বড়োফাৰ প্ৰতিমূৰ্তি উন্মোচনৰ সাক্ষী হোৱাটো আমাৰ সকলোৰে বাবে এক গৌৰৱৰ মুহূৰ্ত। এয়া তেওঁৰ ত্যাগ আৰু বড়ো সম্প্ৰদায়ৰ কল্যাণৰ বাবে কৰা প্ৰচেষ্টাক স্বীকৃতি দিয়াৰ এক অৰ্থপূৰ্ণ পদক্ষেপ।”

এই উপলক্ষে এবছুৱে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন আৰু সমগ্ৰ অসমৰ ঘৰে ঘৰে আৰু ৰাজহুৱা স্থানত পাঁচ লাখ মাটিৰ লেম্প আৰু চাকি জ্বলোৱাৰ আয়োজন কৰে। ৰাষ্ট্ৰীয় ৰাজধানীৰ মাজমজিয়াত বড়োফাৰ প্ৰতি এই শ্ৰদ্ধাঞ্জলিয়ে আধুনিক ভাৰতৰ গণতান্ত্ৰিক আৰু সাংস্কৃতিক ভেটি গঢ়ি তোলা আঞ্চলিক নেতাসকলৰ গভীৰ প্ৰশংসাৰ সূচনা কৰিব বুলি আশা কৰা হৈছে।

Leave A Reply

Your email address will not be published.