ৰাজ্যখনৰ ২৭খন জিলা পৰিষদৰ নৱ-নিৰ্বাচিত সভাপতি, সভানেত্ৰীৰ ৫দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ

0 179


ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি গুৱাহাটীৰ খানাপাৰাস্থিত গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ মাধৱদেৱ সভাকক্ষত ৰাজ্যখনৰ ২৭খন জিলা পৰিষদৰ নৱ-নিৰ্বাচিত সভাপতি, সভানেত্ৰীসকলৰ বাবে আয়োজিত ৫দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি নৱ-নিৰ্বাচিত সভাপতি, সভানেত্ৰীসকলক সততা, দায়বদ্ধতা বজাই ৰাখি সমৰ্পিত মনোভাৱেৰে গঞা ৰাইজৰ সেৱা আগবঢ়াবলৈ আহ্বান জনায়। পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ জিলা পৰ্যায়ৰ শীৰ্ষ জনপ্ৰতিনিধি হিচাপে গ্ৰামাঞ্চলৰ জনসাধাৰণৰ বহু আশা-প্ৰত্যাশা তেওঁলোকৰ ওপৰত থাকিব বুলি উল্লেখ কৰি এইক্ষেত্ৰত গ্ৰামাঞ্চলৰ জনসাধাৰণৰ লগত সঘনাই মত-বিনিময় কৰাৰ বাবেও জিলা পৰিষদৰ নৱ-নিৰ্বাচিত সভাপতিসকলক তেওঁ আহ্বান জনায়। ইয়াৰ লগতে বিভাগীয় আচঁনিসমূহৰ ৰূপায়ন সম্বন্ধীয় বিভিন্ন প্ৰক্ৰিয়া আৰু এই ক্ষেত্ৰত থকা নিয়মাৱলী সমূহ খৰচি মাৰি অধ্যয়ন কৰাৰ বাবে তেওঁ নৱ-নিৰ্বাচিত সভাপতিসকলক পৰামৰ্শ আগবঢ়ায়। প্ৰশিক্ষণ কালত এই সম্বন্ধীয় বিভিন্ন নিয়মাৱলীৰ বিষয়ে তেওঁলোকে অৱগত হ’ব পাৰিব বুলি উল্লেখ কৰি এই ক্ষেত্ৰত প্ৰতিষ্ঠানখনৰ পৰা প্ৰকাশ কৰি উলিওৱা হাত পুথিখন ভালদৰে অধ্যয়ন কৰাৰ বাবেও তেওঁ পৰামৰ্শ প্ৰদান কৰে। বিষয়ৰ ওপৰত বিস্তৃত জ্ঞান আৰু অভিজ্ঞতা থাকিলে বেলেগে সহজে বিপথে পৰিচালিত কৰিব নোৱাৰে বুলি উল্লেখ কৰি নৱ-নিৰ্বাচিত সভাপতিসকলক জিলাৰ গাওঁ পঞ্চায়ত সমূহ ভ্ৰমণ কৰি বিষয়ববীয়া সকলৰ সৈতে মত-বিনিময় কৰাৰ উপৰি জিলা পৰ্যায়ৰ আনুসংগিক বিভাগৰ বিষয়াসকলৰ সৈতেও নিয়মীয়াকৈ মত-বিনিময় কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।
উল্লেখ্য যে আজিৰেপৰা অহা ২৩ আগষ্টলৈ চলিবলগীয়া এই প্ৰশিক্ষণৰ সময়ত জিলা পৰিষদৰ নৱ-নিৰ্বাচিত সভাপতি, সভানেত্ৰী সকলক নিজৰ পদবীৰ দায়িত্ব আৰু কৰ্তব্য, ভূমিকা, দায়বদ্ধতা, বিধি ব্যৱস্থা, বিভিন্ন আঁচনি ৰূপায়ণৰ প্ৰক্ৰিয়া ইত্যাদিৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।
অনুষ্ঠানত গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ সঞ্চালক তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিশেষ সচিব মুনিন্দ্ৰ নাথ শৰ্মাৰ লগতে বিভাগীয় বিষয়া সকল আৰু প্ৰতিষ্ঠানখনৰ ফেকাল্টি মেম্বাৰ সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.