ৰাজ্যত আধ্যাত্মিকতা আৰু সামাজিক সম্প্রীতি সুদৃঢ় কৰাৰ বাবে সেৱাশ্ৰমে গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে- মন্ত্ৰী হাজৰিকা

0 58

জলসম্পদ,তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বৰপেটা জিলাৰ ন সত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হৈ আধ্যাত্মিক গুৰু প্ৰেমানন্দ প্ৰভু আৰু ভক্তিমাতৃ শ্ৰী কুন্তলা গোস্বামী আশীৰ্বাদ গ্ৰহণ কৰে আৰু সেৱাশ্ৰমৰ অন্যান্য ভক্তসকলৰ সৈতে মত বিনিময় কৰে।

ভ্ৰমণৰ শেষত সংবাদকৰ্মী সকলৰ সৈতে মত বিনিময় কৰি
মন্ত্ৰী হাজৰিকাই কৃষ্ণগুৰু সেৱাশ্ৰমে অসমৰ আধ্যাত্মিক আৰু সামাজিক উন্নয়নলৈ আগবঢ়োৱা অসামান্য অৱদানৰ প্ৰশংসা কৰে। আধ্যাত্মিকতা আৰু সামাজিক সম্প্রীতি সুদৃঢ় কৰাৰ বাবে সেৱাশ্ৰমে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই কয় যে এনে প্ৰতিষ্ঠানসমূহে সমাজৰ নৈতিক আৰু সাংস্কৃতিক ভেটি গঢ় দিয়াত মূখ্য ভূমিকা পালন কৰে।

মন্ত্ৰী গৰাকীয়ে কৃষ্ণগুৰু সেৱাশ্ৰমৰ উদ্যোগত প্ৰতিষ্ঠিত কৃষ্ণগুৰু বিশ্ববিদ্যালয়ৰ প্ৰচেষ্টাৰো প্ৰশংসা কৰে, যি এই অঞ্চলৰ উচ্চ শিক্ষাৰ এক গুৰুত্বপূর্ণ কেন্দ্ৰ ৰূপে পৰিগণিত হৈছে। বিশ্ববিদ্যালয়খনত প্ৰায় ৫,০০০ শিক্ষাৰ্থীয়ে গুণগত শিক্ষাগ্ৰহন কৰি আছে বুলি কৈ মন্ত্ৰী হাজৰিকাই ৰাজ্যৰ শিক্ষা খণ্ডৰ উন্নয়নৰ বাবে সেৱাশ্ৰমে গ্ৰহন কৰা পদক্ষেপক ভূয়সী প্ৰশংসা কৰে।

আজিৰ ভ্ৰমণৰ সময়ত মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে কমলপুৰৰ বিধায়ক দিগন্ত কলিতা,অসম ৰাজ্যিক পৰিবহন নিগমৰ উপাধ্যক্ষ প্ৰণৱজ্যোতি লহকৰ তথা অন্যান্য ব্যক্তিসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.