ৰাজ্যবাসীলৈ সুখবৰ কঢ়িয়াইছে কুমাৰ ইঞ্জিনীয়াৰিঙে প্ৰথমবাৰৰ বাবে অসমৰ থলুৱাভাৱে নির্মিত কৃষিভিত্তিক বিশ্বমানৰ মেছিনেৰি বহিঃৰাজ্যলৈ ৰপ্তানি

0 214

অসম ভিত্তিক অট’মবাইল কোম্পানী কুমাৰ ইঞ্জিনীয়াৰিঙৰ অন্য এক বৃহৎ সফলতা। উৰিষ্যা ৰাজ্যলৈ কুমাৰ ইঞ্জিনীয়াৰিঙে পাৱাৰ টিলাৰৰ প্ৰথমটো চালান প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে। । এই উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয় বাইপাছত থকা কুমাৰ ইঞ্জিনিয়াৰিঙৰ কাৰ্যালয় প্ৰাংগণত ২০ এপ্ৰিলৰ সন্ধিয়া অনুষ্ঠিত এক অনুষ্ঠানত পতাকা জোকাৰি যাত্ৰাৰ শুভাৰম্ভ কৰে অনুষ্ঠিত গুৱাহাটী মহানগৰ আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই । অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্রহণ কৰি পাৰ্থ সাৰথি মহন্তই কয় , অমসৰ অর্থনীতি আৰু উদ্যোগৰ ক্ষেত্ৰত ইয়াৰ দ্বাৰা এটা নতুন অধ্যয়ৰ সূচনা হ’ল। কুমাৰ ইঞ্জিনীয়াৰিঙৰ এই বৃহৎ সফলতাই এই দিশত অসমৰ থলুৱা উদ্যোগটোক বহুখিনি আগবঢ়াই দিলে । ইমানদিনে কৃষিভিত্তিক মেচিনেৰি সমূহৰ কেৱল আমদানিহে হৈছিল, কিন্তু কুমাৰ ইঞ্জিনীয়াৰিঙে থলুৱাভাৱে মেছিনেৰি নিৰ্মাণ কৰি অসমৰ বাহিৰলৈ ৰপ্তানি কৰিবলৈ সক্ষম হ’ল। আনহাতে ইয়াৰ জৰিয়তে কর্মসংস্থাপনৰ ক্ষেত্ৰতো কুমাৰ ইঞ্জিনীয়াৰিঙৰ এই পদক্ষেপে নতুন বাট মুকলি কৰিব বুলি পাৰ্থ সাৰথি মহন্তই আশা ব্যক্ত কৰে । অনুষ্ঠানত কোম্পানীৰ অধ্যক্ষ তথা ভাৰতৰ ৰাষ্ট্রদূত দীপক ভোৰাই কুমাৰ ইঞ্জিনীয়াৰিঙৰ এই সফলতাৰ বাবে কোম্পানীৰ পৰিচালনা সঞ্চালক কুমাৰ গৌৰবক শুভেচ্ছা জনাই আৰু লগতে কয় যে, কোম্পানীয়ে এতিয়া বিশ্বমানৰ এগ্রিকালচাৰ মেচিনেৰি ৮৮৮ডি পাৱাৰ টিলাৰ আৰু ইলেক্ট্রিক ৰিক্সাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব । অনুষ্ঠানত কোম্পানীৰ পৰিচালন সঞ্চালক কুমাৰ গৌৰৱে কয় যে, এইটো সমগ্ৰ অসমৰ বাবেই এক ঐতিহাসিক ক্ষণ, কিয়নো স্বাধীনতাৰ পাছত পোনপ্ৰথমবাৰৰ বাবে অসমত নির্মিত কৃষিভিত্তিক বিশ্বমানৰ মেছিন উৰিষ্যালৈ প্ৰেৰণ কৰা হৈছে । অসম চৰকাৰৰ সহযোগিতাৰ বাবেও পৰিচালন সঞ্চালকগৰাকীয়ে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.