বিগত বছৰৰ দৰে এইবাৰো ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদ, অসমৰ উদ্যোগত ১০ মে’ৰ দিনা গুৱাহাটীৰ চানমাৰিৰ পেঞ্চনাৰ ভৱনত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ২১ সংখ্যক বিশ্ব পক্ষী দিৱস উদযাপন কৰা হয় । পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পৰিষদৰ সভাপতি অভিযন্তা প্রহ্লাদ শংকৰ ভাগৱতীয়ে আৰু স্মৃতি তৰ্পণ কৰে অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা চৈয়দ মহম্মদ বাকী আৰু সমাজসেৱিকা অঞ্জলি চলিহাই । বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অৱসৰপ্ৰাপ্ত অধীক্ষক অভিযন্তা ডঃ ত্ৰিলোচন বৰুৱাই। আনহাতে পক্ষী দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত সভাখন উদ্ধোধন কৰে গুৱাহাটীৰ চাউথ পইন্ট স্কুলৰ অধ্যক্ষ কৃষ্ণাঞ্জন চন্দই আৰু আঁত ধৰে ৰঞ্জু গগৈয়ে । সভাত নিদিষ্ট বক্তা হিচাপে ভাগ লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ প্ৰশান্ত কুমাৰ শইকীয়াই বিশ্ব পক্ষী দিৱস উদযাপনৰ তাৎপৰ্য দাঙি ধৰি পক্ষীয়ে সমস্ত জীৱকুলৰ ওপৰত কিদৰে প্ৰভাৱ বিস্তাৰ কৰি আহিছে তাৰ বাখ্যা আগবঢ়াই। সভাত ডঃ ত্ৰিলোচন বৰুৱা আৰু সাহিত্যক ছফিকুৰ ৰহমানেও চমু ভাষণ প্ৰদান কৰে। ইয়াৰ উপৰিও দুপৰীয়া বিশ্ব পক্ষী দিৱসৰ লগত সংগতি ৰাখি পক্ষী আৰু প্ৰকৃতিৰ ওপৰত আলোচনা চক্র, স্ব-ৰচিত কবিতা পাঠ আৰু গীত- মাতৰ অনুষ্ঠান অনুষ্ঠিত হয় । অনুষ্ঠানটোত সভাপতিত্ব কৰে পৰিষদৰ সভাপতি অভিযন্তা, প্ৰহ্লাদ শংকৰ ভাগৱতীয়ে।
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ত ৮০ অধিক ছাত্ৰীক মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ চেক বিতৰণ
- এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা
- পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ১২ খনতকৈ অধিক যাত্ৰীবাহী ৰে’ল বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন