ৰাজ্যৰ পৌৰসভাসমূহৰ কাৰ্যবাহী বিষয়াসকলৰে মন্ত্ৰী অশোক সিংহলৰ বিশেষ বৈঠক-নগৰাঞ্চলৰ নাগৰিকৰ জীৱন-ধাৰণৰ মান উন্নত কৰাৰ বাবে ‘ৰূপান্তৰৰ প্ৰতিনিধি’ৰূপে কাম কৰিব লাগিব অসম নগৰ প্ৰশাসনিক সেৱাৰ নৱনিযুক্ত বিষয়াসকলেঃ সিংহল

0 51

নগৰাঞ্চলৰ নাগৰিকৰ জীৱন-ধাৰণৰ মান উন্নত কৰাৰ বাবে ‘
ৰূপান্তৰৰ প্ৰতিনিধিৰূপে কাম কৰিব গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অসমৰ পৌৰসভা তথা পৌৰ নিগমসমূহত কাৰ্যবাহী বিষয়া হিচাপে কৰ্মৰত অসম নগৰ প্ৰশাসনিক সেৱাৰ সদ্য নিযুক্তিপ্ৰাপ্ত বিষয়াসকলৰ সৈতে এক বিশেষ বৈঠকত মিলিত হৈ তেওঁলোকৰ সৈতে বাতাৰ্লাপ কৰাৰ লগতে কাম-কাজৰো পৰ্যালোচনা কৰে৷

সদ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ আগে আগে ৰাজ্যৰ বিভিন্ন পৌৰ নিকায়ত কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি লাভ কৰা অসম নগৰ প্ৰশাসনিক সেৱাৰ প্ৰথমটো গোটৰ বিষয়াসকলক সম্বোধি প্ৰদান কৰা ভাষণত মন্ত্ৰী সিংহলে কয় যে নগৰাঞ্চলৰ নাগৰিকসকলৰ জীৱন-ধাৰণৰ মান উন্নত কৰাৰ বাবে বৰ্তমানৰ চৰকাৰখনৰ এক সুনিৰ্দিষ্ট লক্ষ্য আছে আৰু সেই লক্ষ্যত উপনীত হোৱাৰ বাবেই অসম নগৰ প্ৰশাসনিক সেৱাৰ বিষয়াসকলক নিয়োগ কৰা হৈছে৷ নৱনিযুক্ত এই বিষয়াসকলে নগৰাঞ্চলৰ সামগ্ৰিক বিকাশৰ স্বাৰ্থত ‘ৰূপান্তৰৰ প্ৰতিনিধি’ৰূপে অক্লান্তভাৱে কাম কৰিব লাগিব বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পৌৰসভাৰ নিৰ্বাচিত জনপ্ৰতিনিধি, স্থানীয় বিধায়ক তথা জনসাধাৰণক লগত লৈ সকলোৰে সহযোগিতাৰে বিষয়াসকলে নতুন উদ্যমেৰে নিজৰ চহৰখনৰ উন্নয়নৰ বাবে কাম কৰিব লাগিব৷ বিগত মাথোঁ তিনি মাহৰ ভিতৰতে নৱনিযুক্ত বিষয়াসকলে নিজৰ কাম-কাজৰ ক্ষেত্ৰত অৰ্জন কৰা জ্ঞান আৰু অভিজ্ঞতাক অত্যন্ত ইতিবাচক বুলি প্ৰশংসা কৰি যুৱ কাৰ্যবাহী বিষয়াসকলে নিজৰ কামৰ জৰিয়তে জনতাৰ সেৱাত নিজকে সম্পূৰ্ণৰূপে উৎসৰ্গা কৰিব আৰু মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ বিকশিত অসমৰ সংকল্প কাৰ্যকৰী কৰাত অহোপুৰুষাৰ্থ কৰিব বুলি মন্ত্ৰী সিংহলে আশা প্ৰকাশ কৰে৷

অসম নগৰ প্ৰশাসনিক সেৱাৰ বিষয়াসকলক সম্পূৰ্ণৰূপে নাগৰিকৰ প্ৰত্যক্ষ সেৱাত উৎসৰ্গিত সৈনিক বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ নগৰাঞ্চলত এতিয়াও বহুখিনি কাম কৰিবলগীয়া আছে৷ স্বচ্চ ভাৰত মিছনৰ কাংক্ষিত লক্ষ্যত আমি এতিয়াও উপনীত হ’ব পৰা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে নিজৰ নগৰখনক সম্পূৰ্ণৰূপে জাৱৰমুক্ত কৰি তোলাৰ বাবে নগৰৰ প্ৰতিঘৰ লোকৰ দুৱাৰমুখৰ পৰা আৱৰ্জনা সংগ্ৰহ কৰি তাৰ বিজ্ঞানসন্মত ব্যৱস্থাপনা সুনিশ্চিতকৰণক কাৰ্যবাহী বিষয়াসকলে সৰ্বোচ্ছ অগ্ৰাধিকাৰ প্ৰদান কৰিব লাগিব৷ সকলো কামতে প্ৰত্যাহ্বান থাকে বুলি মন্তব্য কৰি তেওঁ কয় যে যিকোনোধৰণৰ কঠিন পৰিস্থিতি মোকাবিলা কৰি কাম কৰিবৰ বাবে বিষয়াসকল প্ৰস্তুত থাকিব লাগিব৷ আজিৰ বৈঠকত বঙাইগাঁও, নাৰায়ণপুৰ, নগাঁও, উত্তৰ গুৱাহাটী আৰু শিলচৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়াসকলে দাঙি ধৰা প্ৰেজেণ্টেশ্যন প্ৰত্যক্ষ কৰি তেওঁ কয় যে এখন পৌৰসভাত পৰীক্ষামূলকভাৱে গ্ৰহণ কৰা কোনো পদক্ষেপে সফলতা লাভ কৰিলে আন আন পৌৰসভাতো সেয়া ৰূপায়ণ কৰিবলৈ বিষয়াসকল আগবাঢ়ি অহা উচিত৷

আজিৰ বৈঠকৰ আৰ্হিৰে প্ৰতি দুমাহৰ অন্তৰে অন্তৰে পৌৰ নিকায়ৰ কাৰ্যবাহী বিষয়াসকলৰে বৈঠকৰ আয়োজন কৰিবলৈ আৰু এনে বৈঠকত একো একোটা বিষয়ক নিৰ্দিষ্টৰূপে বাছি ল’বলৈ তথা তাৰ ওপৰত বিতং পৰ্যালোচনাৰ ব্যৱস্থা কৰিবলৈ মন্ত্ৰী সিংহলে পৌৰ প্ৰশাসন সঞ্চালকালয়ক নিৰ্দেশ দিয়ে৷

আজিৰ বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভন আৰু পৌৰ প্ৰশাসন সঞ্চালক টংকেশ্বৰ দাসৰ লগতে বিভাগৰ অন্যান্য শীৰ্ষ বিষয়াসকলো উপস্থিত আছিল৷

Leave A Reply

Your email address will not be published.