গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ অসম-মেঘালয় সীমান্তবৰ্তী ৰাণীৰ শুকুৰবৰীয়াৰ পৰা কিছু নিলগৰ জাতি – জনগোষ্ঠীৰ মিলনভূমি স্বৰূপ মেঘালয়ৰ ৰিভয় জিলাৰ জিৰাং সমষ্টিৰ অন্তৰ্গত পাথাৰখামাৰ নান্দনিক তথা মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ সেউজ পৰিবেশৰ মাজত উমচাও আৰু বাৰেগাঁৱত যুগ যুগ ধৰি বাস কৰি অহা ৰাভা জনগোষ্ঠীৰ লোকসকলে মেঘালয়ত থাকিলেও পাহৰি যোৱা নাই নিজৰ পৰম্পৰা, কৃষ্টি – সংস্কৃতি। ১৯১০ চনৰ পৰা বাৰেগাঁৱত পালন কৰি অহা এই সুঁৱৰি উৎসৱে অঞ্চলটোত বাস কৰি অহা সকলো জাতি – জনগোষ্ঠীৰ লোকৰ মাজত সম্প্ৰীতিৰ এনাজৰীদাল অধিক সুদৃঢ় কৰি আহিছে। দুয়োখন গাঁৱৰ মাজভাগত আছে কলীয়া ঠাকুৰ নামঘৰ ( গোঁসাইঘৰ)। নামঘৰৰ মূল তোৰণৰ সন্মূখত থকা মুকলি পথাৰত বিগত বছৰৰ দৰে এইবেলিও ৮ বহাগ অৰ্থাৎ ২২ এপ্ৰিলত পাথাৰখামাৰ উমচাও আৰু বাৰেগাঁৱৰ ৰাভা জনগোষ্ঠীৰ লোকসকলে বাৰেগাঁৱৰ পৰম্পৰাগতভাবে এদিনীয়া কাৰ্যসূচীৰে সুঁৱৰি উৎসৱ পালন কৰে । পৰম্পৰা অনুসৰি প্ৰথম বিহুৰ দিনা ( গৰু বিহু ) গোঁসাইঘৰৰ পৰা গোঁসাই উলিয়াই ঘৰে ঘৰে ফুৰাই ৯ বিহু বা ৮ বহাগৰ দিনা পৰম্পৰাগতভাবে সুঁৱৰি উৎসৱ পালন কৰি অহা হৈছে। উমচাও বাৰেগাঁৱৰ ৰাইজ গয়ৰহৰ সভাপতি সুৰেণ ৰাভা আৰু সম্পাদক ভদ্ৰেশ্বৰ ৰাভা, নামঘৰ পৰিচালনা সমিতিৰ সভাপতি সুৰেণ ছিনাল , সম্পাদক শুক্লেশ্বৰ দিয়া, ডাকুৱা ঘেতোৰাম মেগো , ভৰালী হৰি পাঠক, বাৰিকা তবিত দিয়া, উমচাও মহিলা সমাজৰ সভানেত্ৰী জিতুমণি নংবাক , প্ৰাক্তন সভানেত্ৰী বাসন্তী ৰাভা, সম্পাদিকা ৰঞ্জিতা মেগোই জানিবলৈ দিয়া জানিবলৈ দিয়া মতে উৎসৱৰ লগত সংগতি ৰাখি আন আন কাৰ্যসূচীৰ লগতে ৰাভা জনগোষ্ঠীৰ বগেজাৰী নৃত্য আৰু বিহু নৃত্য প্ৰদৰ্শন কৰা হয়। ইয়াৰ উপৰিও অঞ্চলটোৰ নামঘৰৰৰ পৰা এক আকৰ্ষণীয় শোভাযাত্ৰাৰে গোঁসাই লৈ আহি সুঁৱৰি উৎসৱত স্থাপন কৰা হয় । আনহাতে সুঁৱৰি উৎসৱৰ বিশেষ আকৰ্ষণ আছিল অসমৰ ৰাভা জনগোষ্ঠীৰ লোকসকলৰ কৃষ্টি – সংস্কৃতি , ৰীতি – নীতিত আকৰ্ষিত হৈ নিজ ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্মত দীক্ষা গ্ৰহণ কৰা অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী ওৰাল চিংক্লিয়ে উপস্থিত সকলোকে চাহ – জলপানৰে আপ্যায়িত কৰি ৰাইজৰ সৈতে সুঁৱৰি উৎসৱত ভাগ লৈ সেৱা আগবঢ়োৱাটো। তেনেদৰে বিয়লি সুঁৱৰি উৎসৱৰ অন্তত নামঘৰত উপস্থিত সকলোৰে মাজত প্ৰসাদ আৰু লাৰু বিতৰণ কৰা হয়। সন্ধিয়া বন্তি প্ৰজ্বলনৰে এইবেলিৰ সুঁৱৰি উৎসৱৰ কাৰ্যসূচীৰ সামৰণি মৰা হয়।
Trending
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO