অসম সাহিত্য সভাৰ স্বীকৃত স্বৰ্ণশাখা ৰাণী সাহিত্য সভাৰ ত্ৰয়োদশ দ্বিবাৰ্ষিক অধিৱেশনখন ১৩ জুলাইত ৰাণী ৰূপকোঁৱৰ কলা পৰিষদৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে ৰাণী সাহিত্য সভাৰ সভাপতি প্ৰভাত দাসে আৰু স্মৃতি তৰ্পণ কৰে ৰাণী সাহিত্য সভাৰ সভাৰ কাৰ্যনিৰ্বাহ সদস্য বন্তিৰাম তালুকদাৰে। ইয়াৰ পিছতে অনুষ্ঠিত কবিতা পাঠৰ অনুষ্ঠানত পৰ্যালোচক হিচাপে উপস্থিত থাকে বিশিষ্ট কবি ৰোহিনী কুমাৰ।ৰাণী সাহিত্য সভাৰ মুখপত্ৰ ৰাজ্ঞী উন্মোচন কৰে প্ৰাক্তন আন্তজাৰ্তিক খ্যাতি সম্পন্ন বন বিষয়া বিশিষ্ট কবি ধৰণীধৰ বড়োয়ে। অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি গণেশ্বৰ চহৰীয়া আৰু নিৰ্দিষ্ট বক্তা ৰূপে উপস্থিত থাকে কামৰূপ জিলা সাহিত্য সভাৰ প্ৰতিনিধি তথা দিছপুৰ মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপক অজিত প্ৰসাদ শৰ্মা। অনুষ্ঠানত বিশিষ্ট কবি চবিন চন্দ্ৰ নাথ, তাৰিণী কুমাৰ দাস, বন্তিৰাম তালুকদাৰ , ৰজনীকান্ত দাস,হেমেন হাজৰিকা, পবিত্ৰ দাস,শংকৰ দাস,প্ৰভাত দাস, দ্বিজেন দাস,আনোৱাৰ হুছেইন, ৰাকেশ তালুকদাৰ,ভূপেন দাস, প্ৰিয়ংকা ৰাভা,পৰাগ দাস কৃষ্ণকান্ত দাস, বিশ্বজিত দাস সুশীল মালী,মৰজিনা খাতুন,দিপিকা মালাকাৰ, আদিকে ধৰি কেবাগৰাকী কবিয়ে কবিতা পাঠ কৰে।শেষত ৰাণী সাহিত্য সভা (স্বৰ্ণ শাখা)ৰ নতুন কাৰ্যকালৰ বাবে দ্বিজেন দাসক সভাপতি আৰু চবিন চন্দ্ৰ নাথক সম্পাদক হিচাপেলৈ ২৫ জনীয়া এখন নতুন সমিতি গঠন কৰা হয়।
Trending
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ