ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ শুভাৰম্ভ

0 217

সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ মহানগৰ জিলাতো আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ শুভাৰম্ভ কৰা হয়। ১ বছৰ বয়সৰ পৰা ১৯ বছৰ বয়সৰ শিশু সকলক পেলু মুক্ত কৰাৰ উদ্দেশ্যে পালন কৰা এই কাৰ্যসূচীৰ অধীনত কামৰূপ মহানগৰ জিলাৰ ১-১৯ বছৰৰ শিশু সকলক চৰকাৰী বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰত এলবেনডেজল টেবলেট খুওৱা হ’ব। ছেপ্তেম্বৰ মাহৰ ৬ তাৰিখৰ ভিতৰত জিলাৰ চৰকাৰী বিদ্যালয়ৰ সমূহ ছাত্ৰ-ছাত্ৰীক পেলুৰ টেবলেট খুওৱাৰ উপৰি স্কুল নোযোৱা আৰু স্কুলৰ পৰা বাদ পৰা শিশু সকলকো স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আশাকৰ্মীসকলে ঘৰে ঘৰে গৈ টেবলেট সেৱন কৰাব।
জিলাখনৰ অংগনৱাড়ী কেন্দ্ৰ আৰু বিদ্যালয়সমূহত ছাত্র-ছাত্রীসকলৰ মাজত শৌচাগাৰৰ ব্যৱহাৰ, পৰিষ্কাৰকৈ হাত ধোৱা অভ্যাস আৰু বিশুদ্ধ খোৱাপানী সেৱনৰ গুৰূত্ব সম্পৰ্কেও এই কাৰ্যসূচীৰ অধীনত সজাগতা সৃষ্টি কৰা হ’ব৷মহানগৰৰ বেতকুছি উচ্চ ইংৰাজী বিদ্যালয়ত আয়োজিত আজিৰ এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ বিশেষ কৰ্তব্যৰত বিষয়া পংকজ চমুৱাই। অনুষ্ঠানত উপস্থিত থাকে কামৰূপ মহানগৰ জিলাৰ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত ড০ জীৱন কৃষ্ণ গোস্বামী, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ উদয় শংকৰ মেধি, অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া (পৰিয়াল পৰিকল্পনা) ডাঃ কমল দেৱ গোস্বামী, বেতকুছি উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী সাবিত্ৰী কলিতা প্ৰমুখ্যে শিক্ষক-শিক্ষয়ত্ৰীসকল, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক, জিলা তথা খণ্ড ভিত্তিক বিষয়াসকল।

Leave A Reply

Your email address will not be published.