ৰাষ্ট্ৰীয় পৰ্যায়ত সমৰ কলা প্ৰতিযোগিতাত উজ্বলিল অসমৰ খেলুৱৈ

0 477

অসমৰ ক্ৰীড়া জগতৰ বাবে আন এক সুখবৰ। ৰাষ্ট্ৰীয় পৰ্যায়ৰ মিশ্ৰিত সমৰ কলা প্ৰতিযোগিতাত উজ্বলি উঠিছে অসমৰ খেলুৱৈ। মধ্য প্ৰদেশৰ ভূপালত অনুষ্ঠিত এই প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় মহানগৰীৰ গড়চুকৰ মাষ্টাৰ ৰেহান্ত বৰপাত্ৰ গোহাঁয়ে। ৰেহান্ত দিল্লী প্লাৱিক স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ।

উল্লেখ্য যে বিগত ২৫ আগষ্ট তাৰিখৰ পৰা ২৭ আগষ্ট তাৰিখলৈ ভূপালৰ টি টি নগৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ মিশ্ৰিত সমৰ কলা প্ৰতিযোগিতা। এই প্ৰতিযোগিতাখন আয়োজন কৰিছিল স্পৰ্ট এচ’ছিয়েছন অৱ মিক্স মাৰ্ছিয়েল আৰ্ট, মধ্য প্ৰদেশ আৰু ছত্তিশগড় মিক্স মাৰ্ছিয়েল আৰ্ট এচ’ছিয়েছনয়ে।ৰেহান্তয়ে উক্ত প্ৰতিযোগিতাখনিৰ ৫৭ কেজি ঊৰ্ধৰ শাখাত এই সফলতা লাভ কৰিবলৈ সক্ষম হয়।

Leave A Reply

Your email address will not be published.