ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় কাৰ্যকৰণী সদস্য উল্লাশ কুলকাৰ্নীলৈ বৃহত্তৰ আদিংগিৰি ৰঙালী বিহু সম্মিলনীৰ মানৱ দৰদী বঁটা

0 58

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় কাৰ্যকৰণী সদস্য উল্লাশ কুলকাৰ্নীলৈ মানৱদৰদী বঁটা আগবঢ়াইছে বৃহত্তৰ আদিংগিৰি ৰঙালী বিহু সন্মিলনীয়ে। যুৱকৃষ্টি সংঘৰ সহযোগত অনুষ্ঠিত আদিংগিৰি ৰঙালী বিহু সন্মিলনীৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ কাৰ্যসূচীত শনিবাৰে সন্ধিয়া বিশিষ্ট সমাজসেৱক গৰাকীলৈ এই বঁটা আগবঢ়োৱা হয়। উল্লেখ্য যে, মধ্য প্ৰদেশৰ ইন্দোৰত জন্মলাভ কৰা উল্লাশ কুলকাৰ্ণী দেৱ বাল্য কালৰ পৰাই সয়ং সেৱক। তেওঁ মধ্য প্ৰদেশত বিভিন্ন পৰ্যায়ত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ বিভিন্ন দায়িত্ব সুচাৰো ৰূপে পালন কৰি বিভিন্ন জিলাৰ প্ৰচাৰক হিচাপে কাৰ্যনিৰ্বাহ কৰি ৯০ৰ দশকত অসমলৈ আহিছিল ৷ তেতিয়াৰে পৰাই তেওঁ অতি নিষ্ঠা আৰু উৎসৰ্গিত মনোভাৱেৰে অসমৰ প্ৰচাৰকৰ ভূমিকাত অৱতীৰ্ণ হোৱাৰ পিছত বৰ্তমান অখিল ভাৰতীয় কাৰ্যকৰনী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। সমগ্ৰ উত্তৰ পূৱৰ ভাষা-সংস্কৃতি, ভৌগোলিক অৱস্থিতিৰ বিশদ জ্ঞানৰ অধিকাৰী উল্লাশ কুলকাৰ্ণীয়ে ৯০ৰ দশকত দুৰ্গম আদিংগিৰি অঞ্চলৰ অটব্য হাবি-জংঘল কাটি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ দ্বাৰা পৰিচালিত সেৱা ভাৰতী পূৰ্বাঞ্চল অনুষ্ঠানৰ লগতে আদিবাসী জনজাতি ছাত্ৰাৱাস স্থাপন কৰিছিল ৷ অনাথ ছাত্ৰ-ছাত্ৰীসকলক ইয়াত অধ্যয়ন কৰোৱাৰ লগতে তেওঁলোকৰ সামগ্ৰিক দক্ষতা বিকাশৰো ব্যৱস্থা কৰে । বিশেষকৈ সেৱা ভাৰতী অনুষ্ঠানৰ জড়িয়তে আদিংগিৰি অঞ্চলবাসীৰ আৰ্থ-সমাজিক, সাংস্কৃতিক আদি ক্ষেত্ৰত পোহৰ বিলাবলৈ তেওঁ যৎপৰোনাস্তি চেষ্টা চলাই আহিছে। ঠাইখিনিৰ ৰাষ্টা-পদূলিৰ উন্নয়নৰ লগেলগে সকলো জাতি-জনগোষ্ঠীৰ লোকক লগত লৈ এখন উন্নত সমাজ গঢ়া তথা অঞ্চলটোৰ এটা নিজা পৰিচিতি ডাঙি ধৰাত এইগৰাকী ব্যক্তিৰ অৱদান অতুলনীয়। সেয়ে আদিংগিৰি ৰঙালী বিহু সন্মিলনীৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনত বিগত সময়চোৱাত অঞ্চলটোৰ বিকাশ আৰু উন্নয়নৰ কাৰণে নীৰৱে সেৱা আগবঢ়াই অহা উল্লাস কুলকাৰ্নীক এই বিশেষ বঁটাৰে সন্মানিত কৰে। ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এইগৰাকী ব্যতিক্ৰমী ব্যক্তিক মহানগৰ আৰক্ষী আয়ুক্ত ড° পাৰ্থ সাৰথি মহন্ত আৰু পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ হাতেৰে এই বঁটা অৰ্পণ কৰা হয়। এই বঁটাত আছে এখনি চেলেং, গামোচা, ফুলৰ থোপা, সৰুদৈয়া জাপি, স্মাৰক আৰু সম্বৰ্দ্ধনা পত্ৰ। একেটা অনুষ্ঠানতে ৰাজ্যখনৰ এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়া হিচাপে এখন সুশৃংখলিত সমাজ গঠনত নিৰন্তৰ সেৱা আগবঢ়োৱাৰ উপৰি ৰাজ্যখনৰ সামাজিক-সাংস্কৃতিক ক্ষেত্ৰখনৰ বিকাশৰ কাৰণে সাহিত্য, চলচ্চিত্ৰ, চিত্ৰনাট্য নিৰ্মাণ আৰু প্ৰযোজনাৰে কেইবাটাও আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰি অসমবাসীক গৌৰম্বান্বিত কৰা ড° পাৰ্থ সাৰথি মহন্তকো বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় । ইফালে মহানগৰ জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞাকো সম্বৰ্ধনা জনোৱা কালিৰ সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰে বিশিষ্ট অভিনেত্ৰী চেতনা দাসে। আদিংগিৰি ৰঙালী বিহু সন্মিলনীৰ ৰুপালী জয়ন্তী বৰ্ষৰ সভাপতিৰ দায়িত্বত থকা গৌতম দাসে সম্বৰ্ধনা অনুষ্ঠানটো অতি নিয়াৰিকৈ আঁত ধৰি সম্বৰ্দ্ধিত ব্যক্তিসকলৰ পদাৰ্পণে অনাগত দিনত আদিংগিৰি অঞ্চলটোৰ উঠি অহা প্ৰজন্মকে ধৰি শিক্ষিত আৰু সমাজ সচেতন লোকসকলৰ মাজত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলোৱাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰে পৰিবেষ্টিত অঞ্চলটোৰ একতা, সমন্বয় অধিক সুদৃঢ় কৰিব বুলি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াই।

Leave A Reply

Your email address will not be published.