গোৱা চহৰত যোৱা ২৭, ২৮ আৰু ২৯ আগষ্টত ৰাষ্ট্ৰীয় চিনিয়ৰ আৰু মাষ্টাৰ কিক বক্সিং প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ উক্ত খেলত ভাৰতৰ আটাইকেইখন ৰাজ্যৰ ৬০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰে৷ অসমৰহৈ হিৰণ্য বৰুৱাৰ নেতৃত্বত ১৬০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে। অলপতে হৈ যোৱা টকিঅ’ অলিম্পিক খেলত এই কিক বক্সিং খেল বিধক আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সন্থাই মান্যতা প্ৰদান কৰে৷গোৱা কিক বক্সিং সন্থাই আয়োজন কৰা এই খেলখনত ৬ টা বিভিন্ন শাখাৰ খেল অনুষ্ঠিত হয়। তাৰ ভিতৰত ৮৬ কেজি তলৰ শাখাত হাজো (বাকতা)ৰ মিণ্টু কলিতাই সোণৰ পদক অৰ্জন কৰাৰ লগতে ৮১ কেজি শাখাৰ তলত নলবাৰী জিলাৰ ৰঞ্জিত বৰুৱাই ৰূপৰ পদক অৰ্জন কৰি অসমলৈ সুনাম কঢ়িয়াই আনে। উক্ত দুয়োজন খেলুৱৈয়ে আন্তঃৰাষ্ট্ৰীয় কুম্ফু খেলুৱৈ নলবাৰী জিলাৰ ধৰ্মেশ্বৰ হালৈৰ অধীনত অনুশীলন কৰি আছে।
Trending
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta