শিক্ষাজ্যোতি বঁটাৰ বাবে সাপেখাটি জাতীয় বিদ্যালয়ৰ ইংৰাজী বিষয়ৰ শিক্ষক নৱনীতা চুতীয়া নিৰ্বাচিত

0 288

সোণাৰি জুনিয়ৰ কলেজে প্ৰদান কৰা ‘শিক্ষাজ্যোতি বঁটাৰ বাবে এইবাৰ সাপেখাটি জাতীয় বিদ্যালয়ৰ ইংৰাজী বিষয়ৰ শিক্ষক নৱনীতা চুতীয়াক নিৰ্বাচিত কৰা হৈছে। উল্লেখযোগ্য যে নৱনীতা চুতীয়াই সাপেখাটি জাতীয় বিদ্যালয়ত ২০০৩ চনৰ পৰা শিক্ষকতা কৰি আছে আৰু সাপেখাটিৰ দৰে এটা অঞ্চলত শৈক্ষিক পৰিৱেশ উন্নত কৰি তুলিবৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আছে।শিক্ষক হিচাপে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ মাজত তেখেত জনপ্ৰিয়। বৰ্তমান কভিড পৰিস্থিতিৰ মাজতো তেখেতে নিজ প্ৰচেষ্টাৰে ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰি আছে।প্ৰত্যেক বছৰে ৫ চেপ্তেম্বৰৰ দিনা প্ৰদান কৰা এই বঁটাত আছে এখন মানপত্ৰ,নগদ দহ হাজাৰ টকা,এখন সফুঁৰা আৰু এটি কিতাপৰ টোপোলা।
শিক্ষক দিৱসৰ দিনা চৰকাৰে কেইবাগৰাকীও শিক্ষকক কৃতি শিক্ষকৰ সন্মান আগবঢ়াই যদিও বেচৰকাৰী শিক্ষকসকল এই সন্মানৰ পৰা বঞ্চিত হৈ আহিছে।ৰাজ্যৰ শিক্ষাখণ্ডত উল্লেখযোগ্য অৱদান আগবঢ়াই অহা লাখ লাখ শিক্ষকে বিভিন্ন অসুবিধাৰ মাজেৰে ছাত্ৰ ছাত্ৰীক জ্ঞানৰ পোহৰ বিলাই আহিছে যদিও এওঁলোক বহুত ক্ষেত্ৰত উপেক্ষিত।গতিকে সোণাৰি জুনিয়ৰ কলেজে কেৱল চৰকাৰী খণ্ডৰ বাহিৰত থকা শিক্ষকসকলকহে এই বঁটাৰ বাবে নিৰ্বাচিত কৰে। প্ৰথম পৰ্যায়ত কেৱল চৰাইদেউ জিলাৰ মাজত এই বঁটাৰ পৰিসৰ সীমিত আছে যদিও পৰৱৰ্তীকালত অসম ভিত্তিত এই বঁটা প্ৰদান কৰা হ’ব বুলি শিক্ষানুষ্ঠানটোৰ তৰফৰ পৰা জনাইছে।

Leave A Reply

Your email address will not be published.