গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত আজি ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ কাৰ্যসূচী চমুকৈ এন টি চি পিৰ জিলা পৰ্যায়ৰ সমন্বয়ৰক্ষী সমিতিৰ বৈঠক অনুষ্ঠিত হয়। জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰীৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত এন টি চি পিৰ জিলা কোষৰ ন’ডেল বিষয়া ডাঃ সুনীতা এক্কাই পাৱাৰপইণ্ট প্ৰেজেন্টেছেনৰ সহায়ত ধঁপাত নিয়ন্ত্ৰণ কাৰ্যসূচীৰ অধীনত জিলাখনত কৰা কাম-কাজ আৰু ধঁপাতৰ ভয়াৱহতা সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায় । তেওঁ কয় যে ধোঁৱা ওলোৱা আৰু ধোঁৱাবিহীন দুয়ো প্ৰকাৰৰ ধঁপাতেই স্বাস্থ্যৰ ভয়ানক ক্ষতি কৰিব পাৰে। চিগাৰেটত ৪ হাজাৰ বিধ ৰাসায়নিক দ্ৰব্য, ২০০বিধ বিষাক্ত সামগ্ৰী আৰু ৪৩৮বিধ কৰ্কট ৰোগ সৃষ্টি কৰিব পৰা দ্ৰব্য থাকে বুলি তেওঁ উল্লেখ কৰে । তেওঁ উঠি অহা প্ৰজন্মৰ মাজত ধঁপাতজাতীয় তথা নিচাযুক্ত সামগ্ৰীৰ প্ৰচলন বৃদ্ধি পোৱাৰ বিষয়টোক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে । সভাত জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব নাৰায়ণ কুৰীয়ে কয় যে ধঁপাতৰ বিৰুদ্ধে জনসজাগতা সৃষ্টিয়ে ইয়াৰ বিৰুদ্ধে প্ৰধান অস্ত্ৰ । তেওঁ বিশেষকৈ শিক্ষানুষ্ঠানসমূহত বিশেষ সজাগতা অভিযান চলোৱাৰ লগতে ধঁপাতৰ প্ৰতি আসক্ত লোকক মূল সুঁতিলৈ ওভতাই আনিবলৈ চিকিৎসক, মনোৰোগ চিকিৎসক আদিৰ দ্বাৰা উপযুক্ত দিহা-পৰামৰ্শ আগবঢ়োৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । বৈঠকত অংশ লোৱা চিকিৎসক, আৰক্ষী বিষয়া, বিভিন্ন বিভাগ তথা জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়াই ধঁপাতৰ প্ৰচলন নোহোৱা কৰাৰ ক্ষেত্ৰত প্ৰতিটো বিভাগে সমন্বয়েৰে কাম কৰিব লাগিব বুলি মত প্ৰকাশ কৰে । বৈঠকত অতিৰিক্ত উপায়ুক্ত পল্লৱী গগৈ, কুলদীপ হাজৰিকা, বিদ্যালয়সমূহৰ পৰিদৰ্শক ড° সমীৰণ বৰা, উপ আৰক্ষী অধীক্ষক মাধুৰ্য বৰুৱা, চিকিৎসা বিষয়া ড° ৰঞ্জিত হাজৰিকা আৰু জিলা কৃষি বিষয়া নবীন চন্দ্ৰ বৰাৰ লগতে স্বাস্থ্য বিভাগ তথা জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া উপস্থিত আছিল।
Trending
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta