ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ বিশেষ লেখা

0 358

প্ৰথম প্ৰেছ আয়োগে সাংবাদিকৰ স্বাধীনতা, আদৰ্শ বৰ্ত্তাই ৰখাৰ বাবে এখন প্ৰেছ পৰিষদৰ কথা চিন্তা চৰ্চা কৰিছিল। সেই চিন্তাৰ উৎসক আঁত ধৰিয়েই ১৯৬৬ চনৰ ১৬নৱেম্বৰত বিধিগত কাৰ্য্যসমূহ আৰম্ভ হৈছিল আৰু তেতিয়াৰে পৰা ১৬নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়।ৰাষ্ট্ৰীয় প্ৰেছ দিৱসে সাংবাদিকৰ স্বাধীনতা, দায়বদ্ধতাৰ কথা সুঁৱৰাই দিয়ে।বৰ্তমান সংবাদ ক্ষেত্ৰখনে ব্যাপকভাৱে প্ৰসাৰ লাভ কৰিছে ।সাংবাদিকৰো সংখ্যা বাঢ়িছে।কিন্তু সেই হিচাপত প্ৰকৃত সাংবাদিকতাৰ ধৰ্ম পালন কৰা ব্যক্তিৰ সংখ্যা নিচেই তাকৰ ।হালধীয়া সাংবাদিকতাই সমাজক কলুষিত কৰে।এজন সাংবাদিকে খবৰ দিয়া আৰু মতামত প্ৰকাশ কৰাৰ মাজত বহু পাৰ্থক্য আছে।একেলগে খবৰৰ লগতে মতামত প্ৰকাশ কৰা উচিত নহয় ।এক অৰ্থত নিউজৰ লগত ভিউজ সংমিশ্ৰণ ঘটাব নালাগে।ইয়াৰ উপৰিও তিলটোকে তাল কৰি সংবাদ পৰিবেশন কৰিব নালাগে ।যাৰ বাবে বহু সমাজত বিৰূপ প্ৰভাৱ পৰে।নিৰপেক্ষভাৱে সঠিক, শুদ্ধ খবৰ ৰাইজৰ মাজত বিলালেহে সাংবাদিকতা ক্ষেত্ৰখন দেশৰ উন্নতিৰ পৰিচায়ক হ’ব। আচলতে সাংবাদিক সকল সমাজৰ দাপোন ।সুস্থ জনমত গঠন কৰাৰ ক্ষেত্ৰতো সাংবাদিকে গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে ।কাকতৰ পৰা ৱেব মুখী যাত্ৰাত সাংবাদিকৰ বহুতো ঘাট প্ৰতিঘাট আছে।কিন্তু এই কথা স্বীকাৰ কৰিব লাগিব যে সকলোৱে এক পৰিক্ৰমা মাজেৰে সংবাদ পৰিবেশন কৰে।শেষত সকলো সতীৰ্থক ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভেচ্ছা জনালো।

Leave A Reply

Your email address will not be published.