ভাৰত চৰকাৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ দ্বাৰা অৰুণাচল প্ৰদেশৰ টাৱাঙত পেৰেড গাউণ্ডত ২৩ মাৰ্চৰ পৰা ২৫ মাৰ্চ লৈকে পঞ্চম “ৰাষ্ট্ৰীয় সাংস্কৃতি মহোৎসৱ” অনুষ্ঠিত হ’ব। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ দ্বাৰা অৰুণাচল প্ৰদেশ চৰকাৰৰ সহযোগত উত্তৰ-পূৱ ক্ষেত্ৰত সাংস্কৃতিক কেন্দ্ৰ ডিমাপুৰৰ তত্বাৱধানত অনুষ্ঠিত হ’ব লগীয়া এই মহোৎসৱত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লোক আৰু শাস্ত্ৰীয় সংগীত, নাটক, পুতলা নাটক, লোক নৃত্য, শাস্ত্ৰীয় নৃত্য, বৌদ্ধিক কলা, খাদ্য আৰু হস্তশিল্পৰ প্ৰৰ্দশনী অনুষ্ঠিত কৰা হ’ব। গুৱাহাটী প্ৰেছ ক্লাৱত কালি অনুষ্ঠিত সংবাদ মেলত উত্তৰ পূৱ ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ, ডিমাপুৰ পূৱ মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰৰ কলিকতাৰ দ্বায়িত্বত থকা সঞ্চালক ড০ ওঁম প্ৰকাশ ভাৰতীয় কয় যে ২০১৫ চনৰ পৰা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ এই সাংস্কৃতিক মহোৎসৱ অনুষ্ঠিত কৰি আহিছে। ২০১৫ আৰু ২০১৬ চনত দিল্লী, ২০১৬ চনত বাড়ানসী আৰু ২০১৭ চনত বাংগালোৰত আৰু এইয়ে প্ৰথম বাৰৰ উত্তৰ পূৱত এই পঞ্চম “ৰাষ্ট্ৰীয় সাংস্কৃতি মহোৎসৱ” অনুষ্ঠিত কৰা হৈছে। উদ্ধোধনী অনুষ্ঠান উত্তৰ-পূৱ ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ অধক্ষ্য তথা নাগালেণ্ডৰ ৰাজ্যপাল পদ্মনাভা বালা কৃষ্ঞ আচাৰ্য্য উপস্থিত থাকি শুভ উদ্ধোধন কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক আৰু পৰ্য্যটন দপ্তৰৰ মন্ত্ৰী ড০ মহেশ শৰ্মা, অৰুণাচল প্ৰদেশ মূখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুকে আদি কৰি বহু কেইজন বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰিব বুলি উত্তৰ-পূৱ ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক ড০ ভাৰতীয়ে উল্লেখ কৰে। তেখেতে কয় যে টাৱাঙত আৰম্ভ কৰা এই “ৰাষ্ট্ৰীয় সাংস্কৃতি মহোৎসৱ” মাজু্লী, ছিপাঝাৰ, দুধনৈ, গৌৰীপুৰ, শ্বিলং, মিজোৰামৰ আইজল, চিফহিৰ, মিজোৰাম বিশ্ববিদ্যালয়, ইম্ফল, ত্ৰিপুৰাৰ খোৱাই , ছিকিমৰ গেংটক আৰু ডিমাপুৰত সমান্তৰাল ভাৱে তিনিদিনীয়াকৈ বৰ্ণিল কাৰ্য্যসূচীৰে ২৩ ৰ পৰা ৩১ মাৰ্চলৈ অনুষ্ঠিত হ’ব। বিশ্বৰ সৰ্ব্ব বৃহৎ নদীদ্বীপ মাজুলীত অহা ২৭, ২৮ আৰু ২৯ মাৰ্চত গড়মুৰ বংশী গোপাল নাট্য মন্দিৰ প্ৰেক্ষাগৃহত এই মহোৎসৱ অনুষ্ঠিত কৰা হ’ব। উত্তৰ পূৱৰ পৰা ৫,০০০ শিল্পী আৰু ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা ২,০০০ শিল্পীয়ে মহোৎসৱত অংশ গ্ৰহণ কৰিব বুলি ড০ ভাৰতীয়ে উল্লেখ কৰে।
Trending
- কোকৰাঝাৰত মিত্ৰদলৰে অগপৰ নিৰ্বাচনী বৈঠক
- নৰ্থ-ইষ্ট অলিম্পিকত স্বৰ্ণপদক অর্জন নগাঁৱৰ পাহি কেওটৰ
- মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ বিশ্ববিদ্যালয়ৰ আন্তৰ্জাতিক আলোচনা চক্ৰ সম্পন্ন
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ