নমামী ব্ৰক্ষ্মপুত্ৰৰ থীম ছঙ মুকলি

0 299

IMG-20170322-WA0009

মহাবাহু ব্ৰক্ষ্মপুত্ৰৰ সকলো জাতি উপজাতিৰে মহামিলনৰ তীৰ্থ। ব্ৰক্ষ্মপুত্ৰৰ বুকুতেই জন্ম লভিছে নদীদ্বীপ মাজুলীয়ে। ব্ৰক্ষ্মপুত্ৰই জন্ম দিছে বিভিন্ন চৰ চাপৰি। এককথাত ক’বলৈ গ’লে ব্ৰক্ষ্মপুত্ৰ আমাৰ সভ্যতা, সংস্কৃতি, অৰ্থনীতি আৰু জীৱনৰেখা। এই ব্ৰক্ষ্মপুত্ৰক বিশ্বজনীন কৰা বাবে পোনপ্ৰথবাৰৰ বাবে ৩১ মাৰ্চৰ পৰা ৪ এপ্ৰিল লৈকে ২১ খন জিলাত আয়োজিত হ’ব “নমামী ব্ৰক্ষ্মপুত্ৰ” উৎসৱ। উল্লেখযোগ্য যে কালি কলাক্ষেত্ৰত নমামী ব্ৰক্ষ্মপুত্ৰ থীম ছঙ মুকলি কৰি মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে “নমামী ব্ৰক্ষ্মপুত্ৰ” উৎসৱ কেৱল উৎসৱেই নহয়। ই জনজীৱনৰ আয়ুসৰেখাক বিশেষকৈ অৰ্থনীতিৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সুচনা কৰিব। স্মৰ্তব্য যে থীম ছঙটো অসমীয়া আৰু হিন্দী এই দুয়োটা ভাষাতে প্ৰস্তুত কৰিছে।

 IMG-20170322-WA0011

গীতটো Compose কৰিছে অংগৰাগ পাপন মহন্তই। সংগীতৰ হিন্দী কথা লিখিছে ছোৱানন্দ কিৰকিৰে আৰু অসমীয়াত লিখিছে মনমথ বৈশ্যই। হিন্দী থীম ছঙত অমিতাভ বচ্চন, অৰিজিত সিং, ছনু নিগম, শ্ৰেয়া ঘোশাল, কৈলাশ খেৰ, জুবিন গাৰ্গ, শংকৰ মহাদেৱন, বিশাল দাদলানী, ছেখৰ ৰাভজিয়ানি, শুভা মুদগল আৰু বহুতো শিল্পীয়ে কণ্ঠদান কৰাৰ বিপৰীতে অসমীয়া থীম ছঙটোত মৃদুলা দাস, জুবিন গাৰ্গ, পুলক বেনাৰ্জী, জিতুল সোণোৱাল, তৰালী শৰ্মা, নমিতা ভট্ৰাচাৰ্য, কল্পনা পাটোৱাৰী, মালবিকা বৰা, ময়ুখ হাজৰিকা, ৰূপম ভূঞা, মনজ্যোতি গোস্বামী মহন্ত, নিলিমা খাতুন, শান্তা উজীৰ, জয় বৰুৱা, ইত্যাদিয়ে কণ্ঠদান কৰিছে। অনুষ্ঠানটোত উদ্যোগমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, আইন পৰামৰ্শ দাতা শান্তনু ভড়ালী, মুখ্য সচিব বিনোদ কুমাৰ পিপাৰচেনিয়া, ৰাজ্য চৰকাৰৰ উচ্চ পদস্থ বিষয়া শিল্পী আৰু অন্যান্য বিশিষ্ট ব্যক্তি সকল উপস্থিত আছিল।

IMG-20170322-WA0010

Leave A Reply

Your email address will not be published.