ৰোগৰ নিৰ্ণয়ৰ পৰীক্ষা সমূহৰ মাচুল নিয়ন্ত্রণৰ বাবে গণস্বাক্ষৰ অভিযানৰ আৰম্ভণি আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান
অসমৰ বিভিন্ন প্যাথ’লজিকেল টেষ্টৰ নামত সংগ্ৰহ কৰি থকা মাচুল সম্প্ৰতি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰোগীসকলৰ বাবে এটা ডাঙৰ সমস্যাৰূপে দেখা দিছে । উন্নত চিকিৎসা লাভৰ বাবে ৰোগীসকলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় বা ৰাজ্যৰ আন চৰকাৰী চিকিৎসালয়সমূহৰ কাষ চাপে যদিও জৰুৰীকালীন সময়ত ততাতৈয়াকৈ ৰোগ পৰীক্ষাৰ ফলাফল পাবলৈ তেওঁলোকে ব্যক্তিগত ডায়’গ’নষ্টিক কেন্দ্ৰ বা লেব’ৰেটৰীসমূহলৈ যাবলগীয়া হয়। আৰু সেই কেন্দ্ৰসমূহত মধ্যবিত্ত আৰু দুখীয়া শ্ৰেণীৰ এই ৰোগীসকলৰ পৰা ৰোগ নিৰ্ণয়ৰ পৰীক্ষাৰ নামত আদায় কৰা আকাশলঙ্ঘী মাচুলে পৰিয়ালসমূহক যথেষ্ট জুৰুলা কৰে। তুলনামূলকভাৱে এই পৰীক্ষাসমূহৰ মাচুল চৰকাৰী মাচুলতকৈ বহুগুণে বেছি তথা প্ৰতিটো ব্যক্তিগত চেণ্টাৰতেই মাচুলৰ যথেষ্ট তাৰতম্য দেখিবলৈ পোৱা যায় । সাধাৰণ বা নিয়মীয়া পৰীক্ষাসমূহৰ পৰা আৰম্ভ কৰি বিশেষ বা নিৰ্দ্দিষ্ট ৰোগৰ পৰীক্ষালৈকে – প্ৰতিটোতে এই কেন্দ্ৰসমূহে ৰোগীসকলৰ ওপৰত ব্যাপক লুণ্ঠনৰাজ চলাই আহিছে আৰু এই প্ৰক্ৰিয়া দশক দশক ধৰি অব্যাহত আছে । চৰকাৰী চিকিৎসালয়ত এই মাচুল তেনেই সামান্য যদিও ৰোগীৰ যথেষ্ট ভিৰ আৰু দূৰণিবটীয়া যাত্ৰা কৰা ৰোগীসকলে বাধ্যত পৰি এই কেন্দ্ৰসমূহত মাত্ৰাধিক মাচুল পৰিশোধ কৰিও পৰীক্ষাসমূহ কৰাই থাকিবলৈ বাধ্য হৈ আহিছে ।
স্বাস্থ্য সুবিধা প্ৰতিগৰাকী নাগৰিকৰ মৌলিক অধিকাৰ আৰু সেই অধিকাৰক মুনাফালোভী একাংশ ব্যক্তিগত চিকিৎসা খণ্ডৰ ব্যৱসায়িক মনোবৃত্তিৰ ব্যক্তিয়ে মুকলিকৈ খৰ্ব কৰি আহিছে । এই মন্তব্য অসম চেম্বাৰ অৱ কমাৰ্চৰ অধ্যক্ষ ৰূপম গোস্বামীৰ।কালি মহানগৰীৰ হোটেল গ্ৰেটৱে গেণ্ডত আয়োজিত এক সংবাদ মেলত তেখেত এই মন্তব্য কৰি কয় যে অসম চেম্বাৰ অৱ কমাৰ্চে ৰাইজৰ সহযোগত ৰাজ্যৰ ব্যক্তিগত লেব’ৰেটৰীসমূহত প্যাথোল’জিকেল পৰীক্ষাৰ মাচুল নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰি চৰকাৰী চিকিৎসালয়ৰ মাচুলৰ সমপৰিমাণৰ মাচুলহে ল’ব পৰাকৈ এখন বিশেষ আইন প্ৰণয়নৰ ব্যৱস্থা কৰি জনতাৰ মুৰৰ ঘাম মাটিত পেলাই অৰ্জা গাঁঠিৰ ধন পানীৰ দৰে বোৱাবলৈ বাধ্য কৰোৱা এইসমূহ ব্যক্তিগত পৰীক্ষাগাৰ বা কেন্দ্ৰক নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিবলৈ লগতে নিয়মীয়া পৰ্যবেক্ষণৰ জৰিয়তে ৰোগীসকলৰ শোষণ নোহোৱাটো সুনিশ্চিত কৰাৰ ব্যৱস্থা ল’বলৈকো মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক স্মাৰকপত্ৰ প্ৰদান কৰে। আৰু ইয়াৰ বাবে ইতিমধ্যে ডিজিটেল গণস্বাক্ষৰ অভিযান কালিৰে পৰা শুভাৰম্ভ কৰা হৈছে । সবিশেষ জানিবলৈ ৯৭০৬০৬৯০০১ নম্বৰত যোগাযোগ কৰিব পাৰে।