নিৰাময়ৰ উদ্যোগত আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নেত্ৰ ভঁড়ালৰ সহযোগত “নেত্ৰ দান সজাগতা পষেক ২০২২” উপলক্ষে নেত্ৰ দানৰ সজাগতা সন্দৰ্ভত আজি এখন ৱেবিনাৰ অনুষ্ঠিত হয়। ৱেবিনাৰখন উদ্বোধন কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নেত্ৰ ভঁৰালৰ অধীক্ষক ডাঃ হিমন্ত নাথ হাজৰিকাদেৱে নেত্ৰদানৰ সজাগতাৰ ওপৰত ব্যক্তব্য ৰাখে। ৱেবিনাৰখনত নেত্ৰদানৰ বিষয়ে বিশদভাৱে আলোচনা আগবঢ়াই আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন কৰ্ণিয়া চাৰ্জন ডাঃ অৰুন্ধুতি বৰঠাকুৰে। অন স্ক্ৰীন প্ৰেজেন্টেছনৰ জৰিয়তে তেখেতে সম্পূৰ্ণ নেত্ৰদান প্ৰক্ৰিয়াটোৰ বৰ্ণনা কৰে। লগতে ইয়াৰ সৈতে জড়িত অন্ধ বিশ্বাস আদিৰ ওপৰতো মন্তব্য কৰে। আন এগৰাকী বক্তা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চকু বিভাগৰ মুৰব্বী অধ্যাপিকা ডাঃ জ্যোতি ভূঞা বাইদেৱে নেত্ৰদান সম্পৰ্কে আলোচনা আগবঢ়াই। ৱেবিনাৰখনত অসমৰ বিভিন্ন প্ৰান্তৰ অৰ্ধ শতাধিক লোকে যোগদান কৰে আৰু শেষত প্ৰশ্ন উত্তৰ শিতানত ডাঃ অৰুন্ধুতি বৰঠাকুৰ বাইদেউ আৰু ডাঃ হিমন্ত হাজৰিকা দেৱে সকলো প্ৰশ্নৰে উত্তৰ দিয়ে। ৱেবিনাৰখনত আঁত ধৰে নিৰাময়ৰ ট্ৰাষ্টী পল্লৱী নেওগ বৰাই। ৱেবিনাৰখন পৰিচালনা কৰে নিৰাময়ৰ সভাপতি কুশল ডেকাই। শেষত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নেত্ৰ ভঁৰালৰ কৰ্মচাৰী হিৰকজ্যোতি শৰ্মাই নেত্ৰ ভঁৰালৰ যোগাযোগৰ নম্বৰ সমূহ দিয়ে। ৱেবিনাৰখনত যোগদান কৰি ইয়াক সফলভাৱে অনুষ্ঠিত কৰাত বৰঙণি আগবঢ়োৱা সকলো ব্যক্তিকে ই ছাৰ্টিফিকেট প্ৰদান কৰা হ’ব।
Trending
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign