জোনাকী ছমহীয়া আটী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নিত্যানন্দ মহন্তৰ বিদায় সম্বৰ্দ্ধনা অনুষ্ঠান সম্পন্ন

0 305

শুক্ৰবাৰে জোনাকী ছমহীয়া আটী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অৰ্থবিজ্ঞান বিভাগৰ বিষয় শিক্ষক নিত্যানন্দ মহন্তৰ আনুষ্ঠানিকভাৱে শিক্ষকতা জীৱনৰ সামৰণি পৰে৷ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি গণেশ চন্দ্ৰ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিদায় সম্বৰ্দ্ধনা অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যালয়ৰ শিল্পী বৃন্দই পৰিবেশন কৰা সমবেত সংগীতেৰে সভাৰ শুভাৰম্ভ কৰে৷ বিদায় মুহূৰ্তত নিত্যানন্দ মহন্তদেৱে ৯২ চনতে বিদ্যালয়খনত শিক্ষক হিচাপে যোগদান কৰি সতীৰ্থ শিক্ষক তথা ছাত্ৰ-ছাত্ৰীৰ সহযোগিতাৰে জীৱনটো অতিবাহিত কৰা অতীতৰ স্মৃতি ৰোমন্থন কৰি বহুতো কথাই বিদায়ক্ষণত সোঁৱৰাই আৱেগিক হৈ পৰে৷ শিক্ষকগোটৰ সম্পাদক শান্তিৰাম সেনাপতিয়ে আঁতধৰা বিদায় সম্বৰ্দ্ধনা অনুষ্ঠানতে চাৰিগৰাকী নৱ নিযুক্ত শিক্ষকক সম্বৰ্দ্ধনা জ্ঞাপন কৰে৷ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে সতীৰ্থ শিক্ষক সকলেও শ্ৰীমহন্তক বিদায় সম্বৰ্দ্ধনা জনোৱা হয়৷ উক্ত বিদায় সম্বৰ্দ্ধনা অনুষ্ঠানত জোনাকী ছমহীয়া আটী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক ক্ৰমে ভদ্ৰকান্ত গগৈ, মাইচেনা হাজৰিকা, বিষ্ণুপ্ৰসাদ দেউৰী, সোণৰাম দত্ত, মনোৰঞ্জন পেগুৰ লগতে উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ড° উপেন বৰা আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক জয়ন্ত বৈৰাগী আদি উপস্থিত থাকে৷
বাতৰি যুগুতালে মাজুলীৰ পৰা প্ৰাঞ্জল প্ৰণয় গাৰে।

Leave A Reply

Your email address will not be published.