আজি গুৱাহাটীস্থিত কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সভাগৃহত বিটিআৰ চৰকাৰৰ উদ্যোগ আৰু অসম চৰকাৰৰ শিক্ষা বিভাগৰ সহযোগত “১ম বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম স্মাৰক বক্তৃতা”ৰ কাৰ্যসূচী অনুষ্ঠিত হয়। উল্লেখ্য যে বড়ো জাতিৰ পিতৃস্বৰূপ উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিন ৩১ মাৰ্চৰ দিনটো “ছাত্ৰ দিৱস” হিচাপে পালন কৰিবলৈ যোৱা বছৰেই চৰকাৰে ঘোষণা কৰিছে। কটন বিশ্ববিদ্যালয়ৰ সহযোগী উপাচাৰ্য গণেশ ৱাৰীৰ আদৰণী ভাষণ প্ৰদান কৰে। বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে “বডোলেণ্ডৰ ৰূপান্তৰ আৰু ভৱিষ্যতৰ কৰ্ম-আঁচনি” শীৰ্ষক স্মাৰক বক্তৃতাত বডোফাৰ জীৱন-দৰ্শন, জাতিটোৰ প্ৰতি তেওঁৰ আত্মত্যাগৰ কথা শ্ৰদ্ধাৰে সোঁৱৰে। দোতমাত এটা দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰি জাতিটোৰ হকে কিমান প্ৰত্যাহ্বান আগত লৈ এটা আন্দোলনৰ সফল সমাপ্তি ঘটাইছিল, সেই সম্পৰ্কে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে আলোকপাত কৰে। তেওঁ কয়, “সোঁতৰ বিপৰীতে এটা আন্দোলন আৰম্ভ কৰি তাৰ সফল সামৰণি পেলোৱাটো বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জাতিটোৰ বাবেই এক ডাঙৰ অৰিহণা।” তেওঁ বিটিআৰৰ সকলো জনগোষ্ঠীৰ ভাষা-সংস্কৃতিৰ সংগ্ৰহালয়ৰ বাবে ২০ লাখকৈ ধন দিয়াৰ কথাও দোহাৰে। তেওঁ ইউ এন বি ট্ৰাষ্ট, ইউ এন একাডেমীৰ প্ৰসংগ উত্থাপন কৰাৰ লগতে বডোফাগৰাকীৰ নামত তেজপুৰ বিশ্ববিদ্যালয়ত এখনি আসন ৰখাৰ কথাও উল্লেখ কৰে। বডোফাৰ নামত গৱেষণাৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ৰ দহগৰাকী শিক্ষাৰ্থীক ফেল’শ্বীপ দিয়াৰ কথাও তেওঁ উল্লেখ কৰে। লগতে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে উল্লেখ কৰে যে বিটিআৰত “বডোফা ইণ্টাৰনেছনেল স্কুল অব পীচ” প্ৰতিষ্ঠা কৰা হ’ব, য’ত দেশ-বিদেশৰ বিভিন্ন লোকে অধ্যয়ন কৰিব পাৰিব। গুৱাহাটীৰ অসম মেডিয়া ট্ৰাষ্টক বডোফাগৰাকীৰ প্ৰতিমূৰ্তি আদি সংৰক্ষণৰ নামত ধন আগবঢ়াব বুলিও ঘোষণা কৰে। মুখ্য অতিথিৰ আসনৰ পৰা অসমৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে বডোফা উপেন্দ্ৰ নাথ ব্যহ্মৰ সৈতে কটন কলেজৰ ছাত্ৰ জীৱনৰ সান্নিধ্যৰ কথা আৱেগিকভাৱে সোঁৱৰে। লগতে তেওঁ কয়, “বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মই হিংসা বিচৰা নাছিল। তেওঁ অকল বড়োসকলৰেই নহয়, সমগ্ৰ অসমীয়াৰ। তেওঁৰ দৰ্শনে আমাৰ বহু সমস্যা সমাধান কৰাত সহায় কৰে। বৈচিত্ৰ্য আঁকোৱালি লৈ অসমৰ প্ৰান্তে প্ৰান্তে বডোফাৰ জন্মদিনটো ”ছাত্ৰ দিৱস” হিচাপে পালন কৰা হওক।” জ্যেষ্ঠ সাংবাদিক তথা প্ৰাগ নিউজৰ এডিটৰ-ইন-চীফ প্ৰশান্ত ৰাজগুৰুৱে সামৰণী ভাষণ প্ৰদান কৰে। আজিৰ অনুষ্ঠানত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ উপৰি বড়ো কছাৰী কাউন্সিলৰ উপমুখ্য কাৰ্যবাহী ৰোমিঅ’ পি নাৰ্জাৰী, অধ্যক্ষ অনিল বড়ো, নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য সমুদ্ৰগুপ্ত কাশ্যপ, কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰমেশ চন্দ্ৰ ডেকা, কটন বিশ্ববিদ্যালয়ৰ সহযোগী উপাচাৰ্য গণেশ ৱাৰী, প্ৰাগ নিউজৰ এডিটৰ-ইন-চীফ প্ৰশান্ত ৰাজগুৰু, তেজপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক বীৰেন দাস, অসম চৰকাৰৰ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, নিখিল বড়ো ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দীনেশ ব্ৰহ্ম, বিটিচিৰ কাৰ্যবাহী সদস্য সজল সিংহ, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়ো, প্ৰাক্তন উপ-সভাপতি কমলাকান্ত মুচাহাৰী আদি উপস্থিত থাকে বুলি তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই জনাইছে।
Trending
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ