এপ’ল হাস্পতাল গুৱাহাটীৰ বিশ্ব এজমা সজাগতা মাহ পালন

0 285

বিশ্ব এজমা সজাগতা মাহ উপলক্ষে এপ’ল হস্পিতাল গুৱাহাটীৰ পান’মলজি বিভাগে এজমা ৰোগৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে আজি ৰাতিপুৱা এক ৱাকথন আয়োজন কৰে। হস্পিতালৰ সন্মুখৰ পৰা আৰম্ভ কৰা এই কাৰ্য্যসূচীত চিকিৎসকৰ লগতে হস্পিতালৰ সকলো কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি কনচাল্ট পান’মলজিষ্ট ডাঃ কৃপেশ ৰঞ্জন শৰ্মাই কয় যে যদি কোনো ৰোগীয়ে দীৰ্ঘদিন ধৰি কাহি থাকে আৰু উশাহ লোৱাত কষ্ট পায় তেতিয়া অনতি পলমে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে আৰু উচিত ঔষধ সেৱনৰ জৰিয়তে এজমা ৰোগী এজনে সহজে উপশম পাব পাৰে। এই উপলক্ষে হস্পিতালত আজি দিনটো ৰোগী সকলৰ হাওফাওৰ কাৰ্য্যকৰিতাৰ পৰীক্ষা বিনামূলীয়াকৈ কৰা হয়। লগতে হস্পিতালত এখন চি এম ই ৰো আয়োজন কৰা হয়। বিভিন্ন বিভাগৰ প্ৰায় ২৹ গৰাকী চিকিৎসক উপস্থিত থকা এই অনুষ্ঠানৰ বিষয় দিফিকাল্ট এজমা অৰ্থাৎ জটিল এজমাৰ সন্দৰ্ভত ডাঃ শৰ্মাই বক্তব্য আগবঢায়।

Leave A Reply

Your email address will not be published.