কম ঠাইত খেতি কৰিব পৰা এক পদ্ধতি

3 436

কিটচেন গাৰ্ডেনিং পছন্দ কৰা আৰু ঘৰৰ চৌহদৰ কম ঠাইতে পাচলিৰ খেতি কৰিব বিচৰা সকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে হাইটেক ফাৰ্মিঙে। মহানগৰীৰ বিপণন ক্ষেত্ৰত মুকলি হৈছে কৰ্মাৰচিয়েল হাইড্ৰ’পনিক পদ্ধতিৰে খেতি কৰিব পৰা এক ব্যৱস্থা। ইয়াৰ জৰিয়তে মাটি আৰু কীটনাশক দ্ৰব্য অবিহনে স্বাস্থ্য সন্মত পাচলি লাভ কৰিব পাৰিব। তামিলনাডুৰ Sure Grow নামৰ এক কোম্পানীৰ সহযোগত আৰম্ভ হৈছে এই প্ৰক্ৰিয়া। উল্লেখযোগ্য যে এই প্ৰক্ৰিয়াৰ জৰিয়তে ইতিমধ্যে দক্ষিণ ভাৰত, পঞ্জাৱ আদিৰ বহুজন লাভাম্বিত হৈছে। এই প্ৰক্ৰিয়া সন্দৰ্ভত বিপণন ক্ষেত্ৰৰ মুখ্য কাৰ্য্যবাহী বিষয়া নয়ন জ্যোতি ভট্টাচাৰ্য্যই কয় যে কৰ্মাৰচিয়েল হাইড্ৰ’পনিক ব্যৱস্থাৰ জৰিয়তে ইতিমধ্যে উন্নত দেশ সমূহ যথেষ্ট আগুৱাই গৈছে আৰু তেওঁলোকে বহু আগতে বৃহৎ পৰিসৰত আদৰি লৈছে। উদাহৰণ স্বৰূপে ১৯২১ চনতে ইজৰাইলত এই ব্যবস্থাৰ আৰম্ভ হৈছিল। অট’মেটিক ফ্ৰগিং চিষ্টেম, বাতানুকূল পৰিৱেশ নিয়ন্ত্ৰণ ইয়াৰ ব্যবস্থাৰ জৰিয়তে হয়।

উল্লেখযোগ্য যে প্ৰায় ৪ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্পটোৰ জৰিয়তে ৩১ দিনৰ ভিতৰত স্বাস্থ্য সন্মত পাচলি উৎপাদন হ’ব বুলি নয়ন জ্যোতি ভট্টাচাৰ্য্যই জানিবলৈ দিয়ে।

ইতিমধ্যে বহুতে কমাৰ্চিয়েল হাইড্ৰপনিক ব্যৱস্থাক আদৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। মাটি আৰু বৰ বিশেষ পানী ব্যৱহাৰৰ নকৰাকৈ কম ঠাইত খেতি কৰিব পৰা ব্যৱস্থাটোৱে হয়তো এসময়ত এক নতুন মাত্ৰা প্ৰদান কৰিব।

3 Comments
  1. Kailash Barman says

    Want to know the detail technology.

    1. Ajit Kumar Das says

      Yes, I want to produce vegitable at my home but due to low space and not having good quality soil I can’t do.So please provide me details about low space cultivat system so that I can be able to do that. If details will be in assamese it will be more beneficial to me. Thanks.

  2. sangeeta saikia says

    To know more details contract bipanan khetra at guwahati.

Leave A Reply

Your email address will not be published.