সোণালী জয়ন্তী বৰ্ষত ভৰি থোৱা অসমৰ অগ্ৰণী প্ৰকৃতিসেৱা সংগঠন Kaziranga Wildlife Society ৰ জীৱনজোৰা সাধনা বঁটা ২০১৮ যুটীয়া ভাবে আগবঢ়োৱা হৈছে বিশিষ্ট প্ৰকৃতিবিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড০ পৰিমল চন্দ্ৰ ভট্টাচাৰ্য আৰু মৰণোত্তৰ ভাবে ধেমাজিৰ অৰণ্যমানৱ ৰূপে খ্যাত কনক মৰাঙলৈ। ধেমাজি জিলাৰ চিচিবৰগাঁৱৰ অন্তৰ্গত ৰেখা চাপৰিত বিগত দুটা বৰ্ষত অকলশৰে মৰাঙে প্ৰায় পঞ্চাশ বিঘাৰ এখন অৰণ্য গঢ়ি তুলিবলৈ সক্ষম হৈছিল। কিন্তু যোৱা বছৰ অসুস্থতা আৰু দৰিদ্ৰৰে যুঁজি মাত্ৰ ৪৩ বছৰ বয়সতে মৃত্যুক সাৱটি ল’বলগীয়া হয় কনক মৰাঙে। Kaziranga Wildlife Society য়ে মৰাঙৰ পৰিয়াললৈ এটা এককালীন সাহাৰ্য্যও প্ৰদান কৰিব বুলি Kaziranga Wildlife Societyৰ সম্পাদক মুবিনা আখতাৰে জানিবলৈ দিয়ে। অহা ১২ আগষ্টত অসমৰ স্বনামধন্য প্ৰকৃতিবিদ তথা Kaziranga Wildlife Society ৰ প্ৰতিষ্ঠাপক সভাপতি ড০ ৰবীন বেনাৰ্জী জন্ম দিন উপলক্ষে গুৱাহাটী চানমাৰিস্থিত পেঞ্চনাৰ ভৱনত দিনৰ ১০ বজাৰ পৰা আয়োজিত হোৱা অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়। উল্লেখযোগ্য যে Kaziranga Wildlife Society য়ে ড০ ৰবীন বেনাৰ্জীৰ জন্মদিনটো প্ৰকৃতি সুৰক্ষা দিৱস ৰূপে পালন কৰি আহিছে। বিগত বৰ্ষবোৰৰ দৰে এই বছৰো এই দিৱসৰ কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি আয়োজন কৰা ড০ ৰবীন বেনাৰ্জী স্মাৰক বক্তৃতাৰ প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এপ্লাইড জিঅ’লজি বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক যোগেন্দ্ৰ নাথ শৰ্মাই।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা