আজিৰ দুটা ভাল খবৰ

0 317

কামৰ কোনো সৰু বৰ নাই। উদ্যম আৰু মনৰ ইচ্ছা থাকিলে সকলো কাম কৰিব পাৰি। আৰ্থিক দুৰ্বলতাৰ প্ৰত্যাহ্বান নেওচি এগৰাকী মহিলাই ই-ৰিক্সাক জীৱন জীৱিকাৰ উৎস হিচাপে বাচি লৈছে। শোণিতপুৰ ৰঙাপৰাৰ হীন বৰুৱাই পৰিয়াল ভোৰণ পোষনৰ বাবে এই বৃত্তি বাচি লৈছে। দৈনিক ৩০০ টকাকৈ উপাৰ্জন কৰা হীনা বৰুৱাৰ উপাৰ্জনেৰে ঘৰখন সুচাৰুৰূপে চলি আছে। ইয়ে মহিলা সৱলীকৰণৰ স্বাক্ষৰ দাঙি ধৰিছে।

ৰাষ্ট্ৰীয় পৰ্য্যায়ত কাৰাটে খেলত সু-নাম কঢ়িয়াইছে বহ্নিমান একাডেমীৰ দুজনকৈ শিক্ষাৰ্থীয়ে। দিল্লীত অনুষ্ঠিত হোৱা ১৪ তম্ স্বাধীনতা কাপ কাৰাটে প্ৰতিযোগিতাত শ্যামল কলিতা আৰু ডেনিমৰাজ দাসে প্ৰতিযোগিতাত বিজয়ী হৈ হাজো নগৰীলৈ গৌৰৱ কঢ়িয়াই আনে। ইয়াৰ পূৰ্বেও খেলুৱৈ দুগৰাকীয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল। সম্প্ৰতি খেলুৱৈ দুগৰাকীয়ে প্ৰশিক্ষক দিপাংকৰ মজুমদাৰৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।

Leave A Reply

Your email address will not be published.