শিশুৰ অধিকাৰ সুৰক্ষিত কৰিব লাগিব

0 359

বচপন বচাও আন্দোলনৰ অন্যতম হোতা ডo সম্পূৰ্না বেহুৰাই আজি এখন সংবাদ মেল অনুষ্ঠিত কৰে। মহানগৰীৰ ভবেন্দ্ৰ আলয় গ্ৰেণ্ডত অনুষ্ঠিত কৰা সংবাদ মেল খনত বেহুৰাই শিশু সুৰক্ষা আৰু অধিকাৰ সম্পৰ্কত মন্তৰ্ব্য কৰে। তেখেতে কয় শিশু সুৰক্ষা আৰু অধিকাৰৰ বাবে বহুতো আইন গঢ় লৈ উঠিছে যদিও কাৰ্য্যকৰী হোৱা নাই। বিশেষকৈ এই বিষয়ত কাম কৰা সকলক চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই নজৰ দিয়াটো অত্যন্ত জৰুৰী। বচপন বচাও আন্দোলনৰ ফালৰ পৰা মহানগৰীত যোৱা ৬ মাহৰ ভিতৰত ৬৬ জন শিশু শ্ৰমিকক উদ্ধাৰ কৰা হৈছে। অধিকাংশ ভুক্তভোগী লোক সজাগ সচেতন নোহোৱাৰ পৰিপ্ৰেক্ষিতত আইনৰ সুফল ভোগ কৰিব পৰা নাই। উল্লেখযোগ্য যে কৈলাস চেতাৰ্থীৰ নেতৃত্বত ১৯৮০ চনৰ পৰা এই বচপন বচাও আন্দোলন চলি আহিছে। আজিৰ সংবাদ মেল খনত সঞ্চালক ৰাকেশ চিংহাল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.