জ্যোতি চিত্ৰবনৰ উদ্যোগত আৰু টেলিভিছন প্ৰতিষ্ঠানৰ সহযোগত ৩১ অক্টোবৰ ২০১৯ৰ পৰা ৬ নৱেম্বৰলৈ সপ্তাহ জোৰা কৈ অনুষ্ঠিত হোৱা তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ কালি তৃতীয় দিনা চলচ্চিত্ৰক এক শক্তিশালী কলা হিচাপে জনপ্ৰিয় কৰাৰ এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। অনুষ্ঠানত বিশিষ্ট ছবি সমালোচক খ্ৰীষ্ট’ফাৰ ডেলটন, ছবি সমালোচক গল্পকাৰ অপূৰ্ব শৰ্মা, ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰাৰ ছবি নিৰ্মাতা মনঝু বৰা উপস্থিত থাকে আৰু সবাতোকৈ জনপ্ৰিয় গণমাধ্যম চলচ্চিত্ৰ ই সাম্প্ৰদায়িক সময়ত কলা হিচাপে ইয়াৰ স্বকীয়তা বহুখিনি হেৰুৱা বুলি আটাইকেইটজনে উদ্দেগ প্ৰকাশ কৰে। উদ্যোগত পৰিণত হোৱাত ব্যৱসায়িক সফলতাৰ ওপৰত ছবি নিৰ্মাতাসকলে অধিক গুৰুত্ব আৰোপ কৰাৰ পৰিপ্ৰেক্ষিতত ছবিৰ কলাত্মক আৰু সৃজনীশীল দিশটো অৱহেলিত হৈ ৰৈছে যিয়ে ছবিৰ সৌন্দৰ্য্য হ্ৰাস কৰিবলৈ সক্ষম হোছে । অনুষ্ঠানত অপূৰ্ব শৰ্মাই কয় যে ছবিৰ কোনো পৰিধি নাথাকে আৰু নিজৰ সৈতে একাত্ম হ’ব পাৰে,অপোন সমাজক প্ৰতিনিধিত্ব কৰিব পৰা ছবিয়েহে সকলো দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হয়। আনহাতে মনজু বৰাই অসম তথা উত্তৰ পূৰ্বাঞ্চলক প্ৰতিনিধিত্ব কৰিব পৰা কলাত্মক ছবি নিৰ্মাণৰ বাবে ইচ্ছানীয় ছবি নিৰ্মাণতাসকলক আহ্বান জনায়। নব্বৈ দশকৰ শেষৰ ফালে অসমৰ ছবি উদ্যোগলৈ এক বিপৰ্যয় নামি আহিছিল যদিও সম্পূতি অসমীয়া ছবিৰ উত্তৰণে আশা কঢ়িয়াই আনিছে বুলি তেওঁ মন্তব্য কৰে।আজিৰ অনুষ্ঠানৰ আন এগৰাকী কেৰেলাৰ ছবি সমালোচক খ্ৰীষ্ট’ফাৰ ডেলটনে ছবি নিৰ্মাতাসকলৰ প্ৰচেষ্টাৰ লগতে চৰকাৰী সহায় সহযোগীতাও অতি অৱশ্যেক বুলি মন্তব্য কৰে। অনুষ্ঠানৰ আঁত ধৰা ছবি সমালোচক প্ৰেমেনদু মজুমদাৰে ভাল ছবি নিৰ্মাণৰ লগতে ৰুচিবান দৰ্শক স্বীকৃতি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। উল্লেখযোগ্য যে যোৱা দুটা বছৰ সফলতাৰে আয়োজন কৰাৰ পাছত তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱেও চিনে প্ৰমীৰ পৰা বিশেষ সমাদৰ লাভ কৰিছে। যোৱা বাৰৰ দৰেএইবেলিও শিক্ষাৰ্থীসকলৰ বাবে বিশেষ সুবিধা প্ৰদান কৰা হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ বাহিৰৰ শিক্ষাৰ্থীসকলৰ বাবেও উদ্যোগতাসকলৰ তৰফৰ পৰা বিশেষ সুবিধা আগবঢ়োৱা বুলি জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পবিত্ৰ মাঘেৰিটাই জানিবলৈ দিয়ে।
Trending
- গৃহৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাকৈ নিৰ্বাচনী আয়োগৰ পদক্ষেপ
- নগঞা ঢুলীয়া, চিত্ৰশিল্পী, খনিকৰ মহেন্দ্ৰ বৰালৈ “বৰ্হমথুৰি শিল্পী বঁটা সাংস্কৃতিক মঞ্চ অসমৰ
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা